গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয় প্রেক্ষাগৃহত ৰাজ্যখনৰ বিভিন্ন বিষয় সম্পৰ্কত উপায়ুক্ত সকলৰ সৈতে এক পর্যালােচনামূলক বৈঠকত মিলিত হয়। অহা ১৩ ৰ পৰা ১৫ আগষ্টলৈ দেশৰ প্ৰতিটো ঘৰতে ৰাষ্ট্ৰীয় পতাকা উত্তােলন নিশ্চিত কৰাৰ লক্ষ্যৰে ‘হৰ ঘৰ ত্ৰিৰংগা’ অভিযান ৰাজ্যখনতাে সফল কৰাৰ বিষয়টো উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এই অভিযানত জিলাখনৰ আধিকাংশ লােকৰ অংশগ্রহণ নিশ্চিত ৰাৰ বাবে যথােচিত পদক্ষেপ গ্রহণ কৰিবলৈ নির্দেশ দিয়ে।

মুখ্যমন্ত্ৰীয়ে ভাৰতৰ স্বাধীনতা দিৱসৰ মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি আয়ােজিত এই ‘হৰ ঘৰ ত্ৰিৰংগা’ অভিযান সম্পর্কত ফ্লেগকোড শিথিল ককে ধৰি বিভিন্ন বিষয় সম্পৰ্কত জনসাধাৰণৰ মাজত ব্যাপক প্রচার অভিযান চলাবলৈ উপায়ুক্ত সকলক নির্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে উপায়ুক্ত সকলক ঔপনিৱেশিক শাসনৰ পৰা ৰাষ্ট্ৰৰ স্বাধীনতাৰ ৭৫ বছর উপলক্ষে আগন্তুক স্বাধীনতা দিৱস ব্যাপক কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ কয়।

জল জীৱন মিছন সন্দৰ্ভত হােৱা পর্যালােচনাৰ সময়ত মুখ্যমন্ত্ৰীয়ে জ্যেষ্ঠ বিষয় আৰু উপায়ুক্তা সকলক এই কামত জড়িত থকা ঠিকাদাৰ সকলে যাতে গুণগত মান-সম্পন্ন কাম কৰে তাক সুনিশ্চিত কৰা আৰু অদক্ষ ঠিকাদাৰ সকলৰ ক্ষেত্ৰত শূন্য সহনশীলতা নীতি বজাই ৰাখিবলৈও নির্দেশ দিয়ে। তেওঁ লগতে এই আঁচনিখনে হিতাধিকাৰী সকলক সম্পূর্ণভাৱে লাভান্বিত কৰাৰ দিশত থকা বাধাসমূহ চিনাক্ত কৰি কম সময়ৰ ভিতৰতে সেইসমূহ সমাধান কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে।

লগতে পঢ়ক – গোলাঘাটত অৱসৰপ্ৰাপ্ত সেনা জোৱানৰ এছবিআই একাউন্টৰ পৰা ৫লাখ টকা হৰলুকি 

প্রধানমন্ত্ৰীৰ সপােনৰ প্রকল্প আয়ুষ্মান ভাৰতৰ কথা উল্লেখ কৰি উপায়ুক্ত সকলক সময় নির্ধাৰিতভাৱে আধাৰ ভিত্তিক প্রধানমন্ত্রী জন আৰােগ্য যােজনা ৰূপায়ণ কৰাটো সুনিশ্চিত কৰিবলৈ নির্দেশ দিয়ে যাতে হিতাধিকাৰী সকল আঁচনিখনৰ পৰা বঞ্চিত নহয়। মুখ্যমন্ত্ৰীয়ে বৈঠকত প্রধানমন্ত্রী আবাস যােজনা, অমৃত সৰােবৰ, চাহ বাগিচাত আধাৰ প্ৰদান ইত্যাদি আঁচনি সমূহৰ বিষয়েও আলােচনা কৰে। মুখ্যমন্ত্ৰীয়ে প্রত্যক্ষ লাভালাভ হন্তান্তৰ (ডিবিটি), আধাৰ প্রদান আদিৰ দৰে বিষয়সমুহত যিবােৰ প্রযুক্তি আৰু আধুনিক প্রণালী ব্যৱহৃত হৈছে সেই সমূহতাে গুৰুত্ব আৰােপ কৰিবলৈ কয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply