গুৱাহাটী : মহানগৰীৰ ঐতিহাসিক বশিষ্ঠাশ্রম দেৱালয়ৰ আন্তঃগাঁথনি শক্তিশালীকৰণৰ পদক্ষেপৰ অংশ হিচাপে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে আশ্ৰমখনৰ সভাগৃহৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। উল্লেখ্য যে বিশিষ্ট সমাজকর্মী অনুপম শৰ্মা আৰু প্ৰাগ নিউজৰ মুখ্য পৰিচালন সঞ্চালক ড” সঞ্জীৱ নাৰায়ণে এই সভাগৃহৰ পুনৰ নিৰ্মাণৰ দায়িত্ব গ্রহণ কৰিছে।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই লগতে বশিষ্ঠ ভূতনাথ শ্মশান কালীমন্দিৰ চৌহদত প্রাগ নিউজৰ মুখ্য পৰিচালন সঞ্চালক ড° সঞ্জীৱ নাৰায়ণৰ পৃষ্ঠপােষকতাত উন্নীত কৰা এটা সৰু পুখুৰীসহ উদ্যান এখনৰাে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে। আধাৰশিলা স্থাপন উপলক্ষে উপস্থিত থকা ভক্তপ্রাণ ৰাইজক সম্বােধন কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে মঠ মন্দিৰ, দেৱালয়সমূহে ধর্মীয় তথা ঐতিহাসিক দৃষ্টিকোণৰ পৰা বিশেষ গুৰুত্ব বহন কৰি আহিছে। এই মঠ-মন্দিৰ তথা দেৱালয়সমূহে আমাৰ সাংস্কৃতিক ঐতিহ্য বহন কৰি আহিছে। সেয়েহে ইয়াৰ সংৰক্ষণ, সংবর্ধন আৰু আন্তঃগাঁথনি শক্তিশালী কৰাটো অত্যন্ত গুৰুত্বপূর্ণ।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে বশিষ্ঠাশ্রম দেৱালয়ে ঐতিহাসিক তথা পৌৰাণিক তাৎপর্য বহন কৰি আহিছে। ৰাজ্য চৰকাৰে বশিষ্ঠাশ্রম দেৱালয়ক ধর্মীয় পর্যটনৰ এক উল্লেখযােগ্য স্থান হিচাপে গঢ়ি তােলাৰ বাবে ইতিমধ্যে পৰিকল্পনা যুগুত কৰিছে আৰু অচিৰেই এই দেৱালয়খনে এক নতুন ৰূপ লাভ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুক পর্যটন আৰু লােকনির্মাণ বিভাগক জড়িত কৰাই মাষ্টাৰপ্লেন কার্যকৰী কৰাৰ দিশত প্রয়ােজনীয় পদক্ষেপ গ্রহণ কৰাৰ বাবেও নির্দেশ দিয়ে। মুখ্যমন্ত্রীয়ে লগতে বিশিষ্ট সমাজকর্মী অনুপম শৰ্মা আৰু প্ৰাগ নিউজৰ মুখ্য পৰিচালন সঞ্চালক ড° সঞ্জীৱ নাৰায়ণে দেৱালখনৰ আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে লােৱা পদক্ষেপৰ শলাগ লােৱাৰ লগতে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে।
লগতে পঢ়ক : মাজুলী-নিমাতী ফেৰীসেৱাৰ নতুন সময়সূচী ঘোষণা
অনুষ্ঠানত বশিষ্ঠাশ্রম দেৱালয়ৰ মুখ্য দলৈ গিৰিন্দ্র মােহন শৰ্মাইও বক্তব্য প্রদান কৰে। অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেণ্ড, প্রাইড ইষ্ট এণ্টাৰটেইনমেন্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভুঞা শর্মা, বিশিষ্ট সমাজকর্মী অনুপম শৰ্মা আৰু প্ৰাগ নিউজৰ মুখ্য পৰিচালন সঞ্চালক ড° সঞ্জীৱ নাৰায়ণৰ উপৰি বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।