গোৱালপাৰা : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে গােৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তৰ ঠাকুৰবিলা গাঁওস্থিত বিশিষ্ট সমাজকর্মী, অন্ধবিশ্বাস বিৰােধী যুঁজৰ অক্লান্ত সৈনিক পদ্মশ্রী ড° বীৰুবালা ৰাভাৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ স্বাস্থ্যৰ বুজ লয়। সম্প্রতি শাৰীৰিকভাৱে অসুস্থ হৈ থকা সংগ্রামী মহিলাগৰাকীৰ সৈতে মুখ্যমন্ত্ৰীয়ে কিছু সময় বার্তালাপ কৰাৰ লগতে তেওঁৰ চিকিৎসা সহায়ক হােৱাকৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ১ লাখ টকাৰ এখন চেকো প্রদান কৰে।

ইয়াৰ পিছতে স্থানীয় সাংবাদিকৰ সৈতে হােৱা বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে সম্প্রতি জটিল ৰােগত আক্রান্ত বিশিষ্ট সমাজকর্মী গৰাকী বিগত কিছুদিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল। তেওঁক প্রয়ােজনীয় চিকিৎসা আগবঢ়োৱা হৈছে আৰু এই মাহতে পুনৰবাৰ তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে কয় যে সমগ্ৰ অসমবাসীয়ে আজি এইগৰাকী বিশিষ্ট মহিলাৰ আশু আৰােগ্য কামনাৰে ভগৱানৰ ওচৰত প্রার্থনা জনাইছে।

কুসংস্কাৰৰ বিৰুদ্ধে যুঁজখন শক্তিশালী ৰূপত অব্যাহত ৰাখিবৰ বাবে তেওঁ অতি সােনকালেই আৰােগ্য হৈ উঠিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰে। উল্লেখযােগ্য যে সমাজ সংস্কাৰৰ উদ্দেশ্যে অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে সাৱলীল কণ্ঠৰে এক আদৰ্শৰ প্রতিষ্ঠা কৰা সাহসী মহিলা পদ্মশ্রী ড° বীৰুবালা ৰাভাই গাঁৱে-ভূঞে ডাইনীৰ সন্দেহত হত্যাৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ জৰিয়তে আমাৰ সমাজ জীৱনক আলােকিত কৰাৰ পথ প্রশস্ত কৰিছে।

লগতে পঢ়ক : গোলাঘাটত কৃত্ৰিম বানে ল’লে সংহাৰী ৰূপ

‘মিছন বীৰুবালা’ৰ মাধ্যমেৰে সমাজ সংস্কাৰৰ দিশত এক নব্য জাগৰণৰ সূচনা কৰা এইগৰাকী সংগ্রামী মহিলাই আজিলৈকে ডাইনীৰ অপবাদত নির্যাতনৰ সন্মুখীন হােৱা ডেৰকুৰিৰাে অধিক মহিলাৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছে। সাক্ষাতৰ সময়ত মুখ্যমন্ত্ৰীৰ সৈতে শক্তিমন্ত্রী বিমল বৰা, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, গােৱালপাৰা (পূর্ব)ৰ বিধায়ক আবুল কালাম ৰছিদ আলম আৰু গােৱালপাৰা (পশ্চিম) সমষ্টিৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ লগতে জিলা প্রশাসন তথা আৰক্ষীৰ শীর্ষ বিষয়াসকলাে উপস্থিত আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply