গুৱাহাটী : মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ অধ্যক্ষতাত মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহত বৃহস্পতিবাৰে ৰাজ্যখনত শেহতীয়াকৈ অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধি বিষয়টোৰ ওপৰত খাদ্য আৰু অসামৰিক যােগান বিভাগৰ শীর্ষ বিষয়াসকলৰ সৈতে এক পর্যালােচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত ভাৰতীয় খাদ্য নিগম, উত্তৰ পূৱ সীমান্ত ৰে’লৰ শীর্ষ বিষয়াসকলাে উপস্থিত থাকে। বৈঠকত মুখ্যমন্ত্রী সােণােৱালে কয় যে এই অতিমাৰীৰ সময়ত দাইল, পিয়াজ, আলু ইত্যাদিৰ দৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি কোনাে কাৰণে গ্রহণীয় নহয়।

এই মূল্যবৃদ্ধিয়ে ক’ভিড সৃষ্ট প্রেক্ষাপটত ইতিমধ্যে জুৰুলা হােৱা জনসাধাৰণক বাৰুকৈয়ে ক্ষতিগ্রস্ত কৰিব। মুখ্যমন্ত্ৰীয়ে খাদ্য আৰু অসামৰিক যােগান বিভাগৰ বিষয়াবৰ্গক গুদাম সমূহত মজুত থকা খাদ্য সামগ্ৰীৰ সঘনাই নিৰীক্ষণৰ পদক্ষেপ লােৱাৰ উপৰি বাহিৰৰ ৰাজ্যৰ পৰা অহা অত্যাৱশ্যকীয় সামগ্ৰীৰ আমদানি মূল্য কম কৰাৰ পদক্ষেপ ল’বলৈ নির্দেশ দিয়ে। অত্যাৱশ্যকীয় সামগ্রীসমূহৰ মূল্য নিয়ন্ত্রণাধীন কৰি ৰখাৰ বাবে মুখ্যমন্ত্ৰীয়ে জিলা চেম্বার্চ অৱ কমাৰ্চৰ বিষয়ববীয়াসকলৰ সৈতে বৈঠকত মিলিত হােৱাৰ বাবেও নির্দেশ দিয়ে।

এই প্রসংগত মুখ্যমন্ত্ৰীয়ে কয় যে ক’ভিড অতিমাৰীৰ প্রথম জোৱাৰৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য সুস্থিৰকৰণৰ দিশত চেম্বার্চ অৱ কমার্চে চৰকাৰে লােৱা পদক্ষেপসমূহত সহায়-সহযােগিতা আগবঢ়োৱাৰ দৰে কভিডৰ এই দ্বিতীয় জোৱাৰৰ সময়তাে এই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তেওঁলােকৰ সৈতে বৈঠকত মিলিত হােৱাৰ পদক্ষেপ ল’ব লাগিব। বৈঠকত মুখ্যমন্ত্ৰীয়ে কভিডৰ প্রথম জোৱাৰৰ সময়ত ৰাজ্যখনলৈ খাদ্য সামগ্ৰীৰ সুচল পৰিৱহনৰ দিশত উত্তৰ পূৱ সীমান্ত ৰে’লৱে যেনেধৰণে পদক্ষেপ লৈছিল তেনে ধৰণৰ পদক্ষেপ বাহাল ৰখাৰ বাবেও উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ বিষয়াসকলক আহ্বান জনায়।

ৰে’লৰ মাল উঠোৱা নমােৱাৰ দিশত নিয়ােজিত হৈ থকা ঠিকা ভিত্তিক শ্রমিকসকলক ঠিকা ভিত্তিত কামত নিয়ােজিত কৰাৰ বাবেও তেওঁ আহ্বান জনায় যাতে এই শ্ৰমিকসকল ভাগৰি নপৰে। এই জটিল সময়ত সকলােৱে এটা টীমৰ মানসিকতাৰে কাম কৰাৰ প্রয়ােজন বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে বিভিন্ন জিলাসমূহৰ মাজত থকা অত্যাৱশ্যকীয় সামগ্ৰীৰ দৰ পার্থক্য নিয়ন্ত্রণ কৰাৰ ওপৰতাে গুৰুত্ব আৰােপ কৰে। বৈঠকত মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গােস্বামী তথা সংশ্লিষ্ট বিভাগসমূহৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply