গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে খানাপাৰাস্থিত কৃষি সঞ্চালকালয় চৌহদৰ কৃষি নিৱাসত অনুষ্ঠিত এক পর্যালােচনা বৈঠকত কৃষি, উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগৰ দ্বাৰা ৰূপায়িত হৈ থকা বিভিন্ন আঁচনিৰ পর্যালােচনা কৰে।পর্যালােচনা বৈঠকত মুখ্যমন্ত্ৰীয়ে কয় যে আগন্তুক ৫ বছৰৰ ভিতৰত কৃষি বিভাগক ৰাজ্যখনৰ সকলােতকৈ শ্রেষ্ঠ বিভাগ হিচাপে গঢ়ি তােলাৰ দিশত কৃষি, উদ্যান শস্য ইত্যাদি বিভাগসমূহৰ বিষয়া-কৰ্মচাৰীসকলে নতুন চিন্তা আৰু উদ্ভাৱনীমূলক পদক্ষেপেৰে আগবাঢ়িব লাগিব। ৰাজ্যখনৰ কৃষকসকলে যাতে সর্বাধিকভাৱে লাভান্বিত হ’ব পাৰে তাৰ বাবে পদক্ষেপসমূহ সৰলীকৰণ কৰিব লাগিব। কৃষকে যাতে মানসম্পন্ন বীজ আৰু উপযুক্ত সাৰ বাধাহীনভাৱে লাভ কৰিব পাৰে সেইটো সুনিশ্চিত কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।
পূৰ্বৰে পৰা কৃষি অসমৰ জনসাধাৰণৰ এক বাপতিসাহােন সম্পত্তি আছিল বুলি উল্লেখ কৰি কৃষি অর্থনীতি শক্তিশালী কৰাৰ দিশত আমি সকলােৱে সন্মিলিতভাৱে আত্মনিয়ােগ কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। বিভাগে যাতে আগন্তুক সময়ত নতুন মন আৰু প্রত্যয়ৰে আগবাঢ়িব পাৰে তাৰ বাবে সন্মিলিতভাৱে প্রয়াস চলাব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কৃষি বিভাগৰ বিষয়াসকলক কয়। বিগত পাঁচ বছৰত কৃষি বিভাগৰ এক কাঠামাে নির্মাণ হৈছিল বুলি উল্লেখ কৰি এই কাঠামােৰ ওপৰত ভিত্তি কৰি আগন্তুক ৫ বছৰত কৃষি বিভাগক এক শক্তিশালী বিভাগ হিচাপে পৰিগণিত কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। বৈঠকতে মুখ্যমন্ত্ৰীয়ে কৃষি বিভাগৰ সামগ্রিক আন্তঃগাঁথনি, কৃষি বিভাগৰ দ্বাৰা ৰূপায়িত বিভিন্ন কেন্দ্রীয় আৰুৰাজ্য চৰকাৰৰ আঁচনি, উদ্যান শস্য আৰু খাদ্য সংসাধন, অসম বীজ নিগম, অসম বীজ প্রামাণিকৰণ সংস্থাৰ কাম-কাজসমূহাে পর্যালােচনা কৰে। বৈঠকত কৃষি বিভাগৰ সঞ্চালক, উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগৰ সঞ্চালক, অসম বীজ নিগম লিমিটেডৰ পৰিচালন সঞ্চালক, অসম বীজ প্রামাণিকৰণ সংস্থাৰ সঞ্চালকে সুকীয়া সুকীয়া প্রেজেন্টেশনেৰে মুখ্যমন্ত্ৰীক বিভাগকেইটাৰ কাম-কাজ আৰু বিভিন্ন আঁচনিৰ বিষয়ে অৱগত কৰে।
বৈঠকতে মুখ্যমন্ত্ৰীয়ে কৃষি বিভাগৰ অধীনত খালী হৈ থকা বিষয়া-কৰ্মচাৰীৰ পদসমূহ অতিশীঘ্ৰে পূৰণ কৰাৰ যাৱতীয় ব্যৱস্থা কৰিবলৈ বিভাগৰ সঞ্চালকক নির্দেশ দিয়ে। নিয়ােগ প্রক্রিয়া ত্বৰান্বিত কৰাৰ বাবে এক সুকীয়া নিয়ােগ কোষ গঠন কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। তদুপৰি বিভাগৰ কৰ্মশক্তি বঢ়োৱাৰ বাবে বিষয়াসকলৰ পদোন্নতিৰ প্ৰক্ৰিয়াৰ যাৱতীয় পদক্ষেপ ল’বলৈও তেওঁ নির্দেশ দিয়ে। কিছু সংখ্যক জিলাত বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ পদ খালী আছে বুলি মুখ্যমন্ত্ৰীক অৱগত কৰাত মুখ্যমন্ত্ৰীয়ে যিসমূহ জিলাত কাৰ্যবাহী অভিযন্তাৰ পদ খালী আছে সেই জিলাসমূহৰ বাবে এই পদ সৃষ্টিৰ পদক্ষেপ ল’বলৈও নির্দেশ দিয়ে। তদুপৰি বিভাগৰ সমগ্ৰ অসমতে থকা কার্যালয় তথা অন্যান্য ক্ষেত্রসমূহৰ এক ‘এচেট ৰেজিষ্টাৰ’প্রস্তুত তথা এটা সুকীয়া পার্মেনেন্ট এচেট পাের্টেল’১৫ দিনৰ ভিতৰত নিৰ্মাণ কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। এই এচেট পাের্টেল প্রতি বছৰে অদ্যৱধিকৰণৰ পদক্ষেপ ল’বলৈও তেওঁ নির্দেশ দিয়ে। তদুপৰি বীজৰ বিৰণ প্ৰক্ৰিয়াটো সংহত কৰাৰ বাবে বীজ সংগ্রহ আৰু বিতৰণৰ বাবে এক সুকীয়া চিড পাের্টেল নির্মাণৰ বাবেও তেওঁ নির্দেশ দিয়ে যাতে প্রকৃত হিতাধিকাৰীয়ে উন্নত মানৰ বীজ লাভ কৰাটো নিশ্চিত কৰিব পৰা যায়। এই পর্যালােচনা কালতে মুখ্যমন্ত্ৰীয়ে কেন্দ্রীয় চৰকাৰৰ ৰাষ্ট্ৰীয় কৃষি বিকাশ যােজনা, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান, প্রধান মন্ত্রী ফচল বীমা যােজনা ইত্যাদিৰ অধীনত ৰূপায়িত হৈ থকা বিভিন্ন কামকাজৰাে পর্যালােচনা কৰে।
লগতে পঢ়ক : ভাৰত-বাংলাদেশ সীমান্তৰ নদী পথত পুনৰ বিএছএফে জব্দ কৰিলে ১০ টাকৈ গৰু
বৈঠকত ইউৰিয়াকে ধৰি ৰাসায়নিক সাৰৰ যাতে এক সংহত বিতৰণ প্রক্রিয়া আৰম্ভ কৰিব পৰা যায় আৰু এই ক্ষেত্ৰত কৃত্রিম নাটনি বা মূল্যবৃদ্ধিৰ পৰা কৃষকক ৰেহাই দিব পৰা যায় সেই দিশটোও আলােচনা কৰা হয়। ইয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে তিনিমাহৰ ভিতৰত এক সংহত প্রক্রিয়া গঢ়ি তােলাৰ বাবে বিভাগক নির্দেশ দিয়ে। কেন্দ্রীয় আঁচনিসমূহৰ পুঁজি যাতে সর্বাধিক ব্যয় কৰি কৃষকক উপকৃত কৰিব পৰা যায় এই দিশটো ভালদৰে চোৱা-চিতা কৰাৰ বাবে প্রত্যেকখন জিলাৰ কৃষি বিষয়াৰ কাৰ্যালয়ত এগৰাকী প্রগ্রেম অফিচাৰ, একাউণ্টচ অফিচাৰ আৰু মিডিয়া এক্সপার্ট নিয়ােগ কৰাৰ পদক্ষেপ ল’বলৈও মুখ্যমন্ত্ৰীয়ে আজিৰ বৈঠকত নির্দেশ দিয়ে। আনহাতে ৰাজ্যখনৰ উদ্যান শস্যৰ দিশত থকা প্ৰচুৰ সম্ভাৱনীয়তাৰ দিশটোৰ ওপৰত আলােকপাত কৰি মুখ্যমন্ত্ৰীয়ে উদ্যান শস্যৰ লগত জড়িত প্রগতিশীল কৃষকৰ সৈতে অচিৰেই এক মতবিনিময় কার্যসূচী অনুষ্ঠিত কৰাৰ পদক্ষেপ ল’বলৈও নির্দেশ দিয়ে। বৈঠকতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত মানসম্পন্ন বীজ উৎপাদনৰ পৰিমাণ বৃদ্ধিৰ বাবে কৃষি বিভাগৰ অধীনস্থ তথা অসম বীজ নিগমৰ অধীনস্থ বীজ পামসমূহ পুনৰুজ্জীৱিতকৰণৰ দ্রুত পদক্ষেপ ল’বলৈও মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। তদুপৰি ৰাজ্যখনৰ বিভিন্ন প্রান্তত ক্ষতিকাৰক ৰাসায়নিক সাৰ তথা কীটনাশক প্রয়ােগে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ দিশটো পুঙ্খানুপুঙ্খভাৱে পৰীক্ষা কৰাৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ক দায়িত্ব অর্পণ কৰাৰ ওপৰতাে মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰােপ কৰে।