গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে খাদ্য আৰু অসামৰিক যােগান তথা গ্রাহক পৰিক্ৰমা বিভাগ, সমবায় বিভাগ তথা সমবায় সমিতিসমূহৰ পঞ্জীয়কৰ সৈতে জনতা ভৱনস্থিত তেওঁৰ কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত মিলিত হৈ ৰাজ্যখনত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰূপায়িত হৈ থকা সমগ্ৰ ব্যৱস্থাৱলীৰ বুজ লয়। বৈঠকৰ আৰম্ভণিতে এই সম্বন্ধীয় বিভিন্ন দিশ সামৰি এক প্রেজেন্টেশ্যনাে আগবঢ়োৱা হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে ৰেচন কাৰ্ডৰ সুবিধা গ্রহণ কৰি থকা দৰিদ্র সীমাৰেখাৰ ওপৰৰ সকলাে হিতাধিকাৰীৰে এই কার্ড ঘূৰাই লােৱাৰ ব্যৱস্থা কৰিবলৈ খাদ্য আৰু অসামৰিক যােগান তথা গ্রাহক পৰিক্রমা বিভাগক নির্দেশ দিয়ে।

মুখ্যমন্ত্ৰীয়ে কয় যে এই পদক্ষেপৰ দ্বাৰা দৰিদ্ৰ হিতাধিকাৰীসকল উপকৃত হ’ব। সকলাে সুলভ মূল্যৰ সামগ্ৰীৰ দোকানে যাতে প্রতি কুইন্টল সামগ্ৰীৰ পৰিবহন ব্যয়ৰ বাবদ ১৪৩ টকাকৈ লাভ কৰে সেয়া সুনিশ্চিত কৰিবলৈ খাদ্য আৰু অসামৰিক যােগান তথা গ্রাহক পৰিক্ৰমা বিভাগক এই সম্পর্কীয় বিধি সংশােধনৰ পদক্ষেপ গ্রহণৰ বাবেও তেওঁ নির্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে বিভাগে এতিয়াৰে পৰা গাঁও পঞ্চায়ত সমবায় সমিতিসমূহক প্রদানৰ বাবে বাজেটৰ পৰা নির্দিষ্ট পৰিমাণৰ ধন লাভ কৰিব। বৈঠকত খাদ্য সামগ্ৰীৰ পৰিবহন ব্যয় হ্রাসৰ ওপৰতাে গুৰুত্ব আৰােপ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ যথাযথ ৰূপায়ণৰ সুবিধার্থে এতিয়াৰে পৰা সমবায় সমিতিসমূহে সকলাে দিশত পর্যবেক্ষক তথা নিৰীক্ষকৰ ভূমিকা গ্ৰহণ কৰিব লাগিব।

আৰু পঢ়কঃ সোণাৰিত প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয় যোজনাৰ অধীনত সৌৰশক্তি চালিত নলীনাদ উদ্বোধন

ৰেচন কাৰ্ডৰ গ্ৰাহকৰ সংখ্যা অনুসৰি সুলভ মূল্যৰ সামগ্ৰীৰ দোকানৰ সংখ্যা নিয়মীয়া কৰাৰ বাবেও আজিৰ বৈঠকতে মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। বৈঠকত কৃষি, সমবায় ইত্যাদি বিভাগৰ মন্ত্রী অতুল বৰা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, খাদ্য আৰু অসামৰিক যােগান তথা গ্রাহক পৰিক্ৰমা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব বি আৰ চামাল, সমবায় বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিং, সমবায় সমিতিসমূহৰ পঞ্জীয়ক মনােজ কুমাৰকে ধৰি কেইবাগৰাকীও বিষয়া উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply