গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই খাদ্য, অসামৰিক যােগান আৰু গ্রাহক পৰিক্ৰমা বিভাগৰ কাম-কাজৰ পর্যালােচনা কৰি ৰাজ্যখনৰ ধান ক্রয় বৃদ্ধি তথা ৰাজ্যখনৰ কৃষকলৈ ন্যূনতম সমর্থিত মূল্য নিশ্চিত কৰাৰ বিভিন্ন বিষয় বিতংভাৱে আলােচনা কৰে। বৈঠকত মুখ্যমন্ত্ৰীয়ে বিভাগক ৰাজ্যখনৰ কৃষকৰ পৰা ধান ক্রয় বৃদ্ধি কৰাৰ পদক্ষেপ ল’বলৈ নির্দেশ দিয়াৰ উপৰি এই ক্রয় বৃদ্ধিৰ বাবে অসম ৰাজ্যিক কৃষি বিপণন পৰিষদলৈ অধিক পুঁজি প্রদানৰ দিশতাে আলােচনা কৰে যাতে ৰাজ্যখনৰ প্ৰয়ােজনীয় প্রায় ২ মেট্রিকটনৰ ধানৰ চাহিদাৰ ব্যৱধান নিজৰ উৎপাদনৰ পৰাই লাভ কৰিবলৈ সক্ষম হয়।
মুখ্যমন্ত্ৰীয়ে লগতে ধাননি পথাৰৰ সৈতে ধান বনা কল স্থাপনৰ বিষয়টোৰ ওপৰতাে গুৰুত্ব আৰােপ কৰাৰ লগতে স্থানীয় উদ্যোগীসকলক তেওঁলােকৰ সংশ্লিষ্ট এলেকাত ধান বনা কল স্থাপনৰ দিশত উদগণি যােগাবলৈও পৰামৰ্শ আগবঢ়ায় যাতে কৃষকসকলে নিজৰ ধান বনাৰ বাবে অধিক দূৰত্বলৈ মিল বিচাৰি যাব নালাগে। বৈঠকত ভাৰতীয় খাদ্য নিগমৰ বিষয়ববীয়াসকলে কয় যে তেওঁলােকৰ সংস্থাই ধানত জলীয়বাষ্প থকা অথবা নথকাৰ দিশতােৰ ওপৰত কঠোৰ নিৰ্দেশাৱলী অনুসৰণ কৰে।
লগতে পঢ়ক : চাহ শ্ৰমিকৰ দৈনিক মজুৰি ক্ৰমে ২০৫ আৰু ১৮৩ টকালৈ বৃদ্ধিৰ বাবে সিদ্ধান্ত
ইয়াৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই খাদ্য আৰু অসামৰিক যােগান আৰু গ্রাহক পৰিক্ৰমা বিভাগক ধান ক্রয় কেন্দ্রসমূহৰ ওচৰত ড্রায়াৰ যন্ত্র স্থাপনৰ পদক্ষেপ গ্রহণৰ বাবে নির্দেশ প্রদান কৰে যাতে ধানত থকা জলীয়বাষ্প সহজেই নিষ্কাষণ কৰি ইয়াক উন্নত মানৰ কৰিব পৰা যায়। বৈঠকত খাদ্য, অসামৰিক যােগান আৰু গ্রাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, খাদ্য আৰু অসামৰিক যােগান বিভাগৰ প্ৰধান সচিব বি আৰ চামাল, ভাৰতীয় খাদ্য নিগমৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে।