গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই মঙলবাৰে এক ভিডিঅ’ কনফাৰেন্সযােগে নাবাৰ্ডৰ অধ্যক্ষ ড° জি আৰ চিন্তলা আৰু উপ-পৰিচালন সঞ্চালক পি ভি এছ সূর্যকুমাৰৰ সৈতে অসমৰ গ্রাম্য আন্তঃগাঁথনি নির্মাণ সংক্রান্তীয় বিষয়সমূহৰ পর্যালােচনা কৰে। ৰাজ্যখনত আন্তঃগাঁথনি নির্মাণৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ প্রচেষ্টা আগবঢ়োৱাৰ বাবে ৰাজ্য চৰকাৰ আৰু নাৰ্ডৰ মাজত সহযােগিতাৰ ওপৰত তেওঁ গুৰুত্ব আৰােপ কৰে।

আলােচনাৰ সময়ত নাবাৰ্ডৰ বিষয়াদ্বয়ে অসমত বিকাশৰ সম্ভাৱনীয়তাৰ কথা উল্লেখ কৰি ৰাজ্য চৰকাৰৰ সৈতে অংশীদাৰিত্ব অধিক গাঢ় কৰিবলৈ ইচ্ছা প্রকাশ কৰে। তেওঁলােকে মুখ্যমন্ত্রীক গ্রাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি (আৰ আইডি এফ), নাবার্ড আন্তঃগাঁথনি উন্নয়ন পুঁজি( এন আইডি এ) আৰু গ্রাম্য আন্তঃগাঁথনি সহায়ক আঁচনি (আৰ আই এ এছ)ৰ অধীনত পুঁজি যােগান ধৰা পদ্ধতিৰ বিষয়েও অৱগত কৰে।

লগতে পঢ়ক : ‘ভগৱানৰ দেশ’ৰ পৰা আহি অসমৰ ট্ৰান্সজেণ্ডাৰ সম্প্ৰদায়ৰ বাবে জীৱন উৎসৰ্গা কৰা সিস্টাৰ প্ৰেমা

মুখ্যমন্ত্ৰীয়ে কয় যে নাবাৰ্ডৰ সৈতে ৰাজ্য চৰকাৰৰ এক দীর্ঘদিনীয়া সম্পর্ক আছে, যি ৰাজ্যখনৰ আন্তঃগাঁথনি খণ্ডত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে। তেওঁ কয় যে চৰকাৰে ব্যাপক পৰিসৰত আন্তঃগাঁথনি প্রকল্পসমূহ নির্মাণৰ পৰিকল্পনা কৰিছে আৰু এই ক্ষেত্ৰত নাবাৰ্ডৰ সহযােগিতাৰ প্রয়ােজন আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply