গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত ড্ৰাগছ প্রতিৰােধী ৰাজ্যিক পর্যায়ৰ সমন্বয়ৰক্ষী এজেন্সি (এছএলচিএ)ৰ লগতে ১২ টা ব্যক্তিগত খণ্ডৰ পুনৰসংস্থাপনৰ কেন্দ্ৰৰ প্রতিনিধিৰ সৈতে এক বৈঠকত মিলিত হৈ ৰাজ্যখনত ড্ৰাগছ আসক্তৰ পুনৰসংস্থাপনৰ বিভিন্ন দিশ বিতংভাৱে আলােচনা কৰে। ৰাজ্যখনত ড্ৰাগছ আসক্তসকলৰ বাবে পুনৰসংস্থাপনৰ এক সংহত নীতি নথকাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ তথা সমাজ কল্যাণ বিভাগক পুনৰসংস্থাপনৰ এক সংহত নীতিৰ খচৰা অতিশীঘ্ৰে প্ৰস্তুত কৰাৰ পদক্ষেপ ল’বলৈ নির্দেশ দিয়ে।

এই নীতি প্রস্তুত কৰােতে ড্রাগছ আসক্তি মুক্ত কৰা বিভিন্ন সংস্থা প্রতিনিধিসকলৰ সৈতে আলােচনা কৰি এই সংস্থাসমূহৰ পৰামর্শসমূহ অন্তর্ভূক্ত কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে যাতে ৰাজ্য চৰকাৰে এই দিশত সঠিকভাৱে পদক্ষেপ ল’ব পাৰে। ড্ৰাগছ আসক্তসকলৰ আসক্তিমুক্ত কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰােপ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে পুনৰসংস্থাপনৰ দিশত সঠিক দৃষ্টিভংগীৰে আগবঢ়াৰ প্ৰয়ােজন আছে। এই ক্ষেত্ৰত চৰকাৰৰ লগতে বিভিন্ন সংস্থাসমূহে বিজ্ঞানসন্মতভাৱে এই সংক্রান্তীয় বিভিন্ন দিশসমূহ চালি-জাৰি চোৱাৰ ওপৰতাে মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰােপ কৰে যাতে ড্ৰাগছ আসক্তিৰ পৰা মুক্ত ব্যক্তিসকল পুনৰ ড্ৰাগছৰ দৰে বৰবিহৰ কৱলত নপৰে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এই দিশত আমাৰ এক সংহত ব্যৱস্থা এতিয়ালৈকে গঢ় লৈ উঠা নাই। ইয়াৰ বাবে চৰকাৰ আৰু সংশ্লিষ্ট সকলােৱে সমন্বয়ৰে এই ব্যৱস্থা গঢ়ি তুলিব লাগিব বুলিও তেওঁ কয়।

লগতে পঢ়ক :  মানকাচৰত মেঘালয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিশ্বনাথ ছামাদাৰ

বৈঠকত মুখ্যমন্ত্ৰীয়ে ড্ৰাগছ আসক্তিমুক্ত তথা পুনৰসংস্থাপনৰ লগত জড়িত বিভিন্ন সংস্থাৰ কামকাজসমূহ পর্যালােচনা কৰি এই দিশত যাতে সঠিক পদক্ষেপ ল’ব পৰা যায় তাৰ বাবে এক নিয়ামক কর্তৃপক্ষ গঠন কৰি সংশ্লিষ্ট সকলাে সংস্থাৰ পঞ্জীয়নৰ ব্যৱস্থা কৰিবলৈও নির্দেশ দিয়ে। এই বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অনুৰাগ গােৱেল, সমাজ কল্যাণ বিভাগৰ সচিব পার্থ মজুমদাৰ, সমাজ কল্যাণ বিভাগৰ সঞ্চালক বিভাস মােদী তথা পুনৰসংস্থাপন কেন্দ্ৰসমূহৰ প্রতিনিধিসকলে অংশগ্রহণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply