গুৱাহাটী : অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীৰ কঠোৰ পদক্ষেপ অব্যাহত থাকিব। চি আৰ পি চি ৪৬ ধাৰা মতে অসম আৰক্ষীয়ে কাম কৰিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ড্ৰাগছ, গৰু আৰু মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত থাকিব। আমাৰ মহিলা, কন্যা শিশু সকলক আমি ৰক্ষা কৰিবই লাগিব বুলিও মুখ্যমন্ত্ৰীৰ মন্তব্য।

অসম বিধানসভাৰ অধিৱেশনত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনকাউন্টৰ সন্দৰ্ভত কয় যে ড্ৰাগছ, গৰু আৰু মানৱ সৰবৰাহকাৰীক কঠোৰ হাতেৰে দমন কৰা হ’ব। অপৰাধী যি ধৰ্মৰে নহওঁ কিয় কোনোবাই যদি মোৰ মা, ভনীক অসমৰ বাহিৰত বিক্ৰী কৰিব, মোৰ শিশুৰ ওপৰত অত্যাচাৰ কৰিব, অসমত গৰু আৰু ড্ৰাগছৰ বেপাৰ কৰিব সেই সকল অপৰাধী বুজি পাব লাগিব যে অসমত এখন চৰকাৰ আছে যিয়ে এইবোৰ কঠোৰ হাতেৰে দমন কৰিব পাৰে।

এনকাউন্টৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে আৰক্ষীয়ে প্ৰথমে নিজকে ৰক্ষা কৰিব লাগিব। আৰক্ষীয়ে যেতিয়া কোনোবা এজন অপৰাধীক গ্ৰেপ্তাৰ কৰিব যাব আৰু অপৰাধী জনে যদি আৰক্ষীৰ ওপৰত আক্ৰমণ কৰে সেই সময়তে আইনে আৰক্ষীক অধিকাৰ দিছে যে আৰক্ষীয়ে নিজকে ৰক্ষা কৰাৰ বাবে গুলী চালনা কৰিব পাৰে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে আৰক্ষীৰ ওপৰত যদি কোনোবাই আক্ৰমণ কৰে তাক আমি প্ৰত্যুত্বৰ দিবই লাগিব।

লগতে পঢ়ক : মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ “মামা মোক সুস্থ্য কৰি তোলক”

মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁৰ মুখ্যমন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে বর্তমানলৈকে আৰক্ষীয়ে ৫০৪ জন চোৰাং গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে ৪ জন গৰু সৰবৰাহকাৰীয়ে আৰক্ষীৰ কবলৰ পৰা পলায়ান কৰাৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে তেওঁলোকক ভৰিত গুলীয়াইছে। আৰক্ষীয়ে আইনৰ ভিতৰত থাকি আৰক্ষীয়ে কাম কৰিব লাগিব কিন্তু যেতিয়াই আৰক্ষীয়ে আইনৰ বাহিৰত গৈ কাম কৰিব তেতিয়াই আমি আৰক্ষীক প্ৰশ্ন কৰিম বুলিও কয় মুখ্যমন্ত্ৰীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply