দৰং : ক’লা ল’ৰাৰ মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। দুৰ্ঘটনা নহয়। আৰক্ষীৰ এনকাউণ্টাৰতহে মৃত্যু হৈছিল ক’লা ল’ৰাৰ। এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মঙলবাৰে নিশা আৰক্ষীৰ হাতৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই আৰক্ষীয়ে গুলীয়াবলৈ বাধ্য হয় অনিমেষ ভূঞা হত্যাৰ মূল অপৰাধী ক’লা ল’ৰা ওৰফে নীৰজ দাস।

যোৰহাট পুলিচৰ টুইট

গৰুখুঁটি কৃষি প্ৰকল্প পৰিদৰ্শনৰ সময়ত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। অৱশ্যে এই সন্দৰ্ভত সম্পূৰ্ণ প্ৰতিবেদন তেওঁৰ হাতলৈ অহা নাই বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

লগতে পঢ়ক :  গোলাঘাটত এইডছ দিৱস উপলক্ষে সজাগতা শোভাযাত্ৰা

উল্লেখ্য যে, পুৱাই অসম আৰক্ষীয়ে টুইটযোগে এক পথ দুৰ্ঘটনাতহে ক’লা ল’ৰাৰ মৃত্যু হৈছিল বুলি প্ৰকাশ কৰিছিল। যোৰহাট-মৰিয়নি পথত সংঘটিত হোৱা পথ দুৰ্ঘটনাত ক’লা ল’ৰাৰ মৃত্যু হৈছিল বুলি আৰক্ষীৰ ফালৰ পৰা জানিবলৈ দিয়া হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply