গুৱাহাটী : ক’ভিড সৃষ্ট পৰিস্থিতি বাবে এইবাৰ অনুষ্ঠিত নহয় হাই স্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা। এক বিশেষ ব্যৱস্থাৰে এইবাৰে হাই স্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰ-ছাত্ৰী সকলক উত্তীৰ্ণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। ইয়াৰ মাজতে এইবাৰৰ ফলাফলৰ ভিত্তিত ছাত্ৰ-ছাত্ৰী সকলে চাকৰি লাভ নকৰাৰ বিষয়টোকলৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনৰ লগতে ছাত্ৰ-ছাত্ৰী সকলেও প্ৰতিবাদ জনাইছে।
পৰীক্ষাৰ ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে এইবাৰ পৰীক্ষাৰ ফলাফল সন্দৰ্ভত মুখ খুলিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নতুন দিল্লীৰ পৰাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পৰীক্ষাৰ ফলাফল আৰু চাকৰি পোৱা-নোপোৱা বিষয়টোকলৈ ভুল বুজা-বুজি হৈছে। এইবাৰ পৰীক্ষাত পাছ কৰা সকলে চাকৰি পাব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰীয়ে কয় যে এইবাৰ পৰীক্ষাৰ ফলাফলকলৈ টেটৰ চাকৰিৰ ক্ষেত্ৰতহে অসুবিধা আছে। হাই স্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফল আন আন চকৰিৰ ক্ষেত্ৰত প্ৰয়োজন নহয়। হাই স্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফল কেৱল মাত্ৰ টেটৰ চাকৰিৰ ক্ষেত্ৰত প্ৰয়োজন হয়।
লগতে পঢ়ক : কামপুৰত চিকিৎসকৰ ৰূপত ১০৮ ৰ কৰ্মচাৰী
মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লগতে কয় যে ”সকলোৱে ৯৫ ৰ পৰা ১০০% নম্বৰ পালে সমস্যা হ’ব, টেটত এই নম্বৰ হিচাপ কৰিলে বহুতৰ সমস্যা হ’ব”। হাই স্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফলৰ প্ৰমাণপত্ৰৰে টেটৰ বাদে সকলোতে নিযুক্তি পাব”। এই সমস্যাটো এক সামাজিক সমস্যা বুলিও কয় মুখ্যমন্ত্ৰীয়ে।