গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত জলসম্পদ বিভাগৰ কাম-কাজৰ পর্যালােচনা কৰি বিভাগৰ শীর্ষ বিষয়াসকলক আসন্ন বানপানীৰ ক্ষয়-ক্ষতিৰ হ্রাস কৰাৰ বাবে বর্তমানে ৰূপায়িত হৈ থকা কাম-কাজসমূহ চলিত মাহৰ ভিতৰতে সম্পূর্ণ কৰাৰ বাবে নির্দেশ দিয়ে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই লগতে সমগ্ৰ ৰাজ্যখনৰ মথাউৰিসমূহৰ বিপদ সংকুল স্থানসমূহ চিনাক্ত কৰি যুদ্ধকালীনভাৱে সেইসমূহ মেৰামতি কৰাৰ বাবেও বিভাগক আজি নির্দেশ দিয়ে।
বিভাগৰ কামসমূহ যাতে মানসম্পন্ন আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰতে সম্পূর্ণ হয়, সেইটো সুনিশ্চিত কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। প্রকল্পৰ বাবে ধার্য কৰা ধনৰাশিৰ যাতে যথােচিত ব্যৱহাৰ হয় তাৰ বাবে এক দায়বদ্ধ ব্যৱস্থা গঢ়ি তােলাৰ লগতে বিত্ত আৰু মানৱ সম্পদৰ উপযুক্ত ব্যৱহাৰৰ ওপৰতাে মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰােপ কৰে। বানপানীৰ প্ৰভাৱ হ্রাস কৰাৰ বাবে নদীৰ বক্ষ খননৰ সম্ভাৱনীয়তাৰ ওপৰত গুৰুত্ব আৰােপ কৰি মুখ্যমন্ত্ৰীয়ে সর্বাধিক ক্ষয়-ক্ষতিৰ সৃষ্টি কৰা নদীসমূহ চিনাক্ত কৰাৰ লগতে এনে নদীসমূহৰ বক্ষ খননৰ সম্ভাৱনীয়তা ভালদৰে পৰীক্ষা কৰাৰ বাবেও বিভাগক নির্দেশ দিয়ে।
বিভাগটোৰ কাম-কাজৰ মৌলিক সংস্কাৰৰ ওপৰত গুৰুত্ব আৰােপ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বান প্রতিৰােধ আৰু মেৰামতিৰ আঁচনিসমূহ ৰূপায়ণ কৰােতে সময়সাপেক্ষ আৰু প্রযুক্তিগত কৌশল ভালদৰে প্রয়ােগ কৰাৰ বাবেও বিভাগৰ জ্যেষ্ঠ বিষয়াসকলক নির্দেশ দিয়ে। বিভাগটোক আৰু অধিক কার্যক্ষ কৰি তােলাৰ বাবে মুখ্যমন্ত্রীয়ে বিভাগটোৰ উন্নীতকৰণ তথা উদ্ভাৱনী আৰু প্রযুক্তিগতভাৱে সুদৃঢ় ব্যৱস্থাপনাৰ দিশসমূহ সামৰি এক খচৰা প্ৰস্তাৱ অতিশীঘ্ৰে দাখিল কৰাৰ বাবেও নির্দেশ দিয়ে।
আৰু পঢ়কঃ ৰাজ্যত উপায়ুক্তৰ ৰদ-বদল
এই পর্যালােচনা বৈঠকত জলসম্পদ বিভাগৰ মন্ত্রী পীযুষ হাজৰিকা, জলসম্পদ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব চৈয়দ্দিন আৰ্বাচি, মুখ্যমন্ত্রী প্রধান সচিব সমীৰ কুমাৰ সিনহা, ফ্রেমাৰ মুখ্য কাৰ্যবাহী বিষয়া সিদ্ধার্থ সিং, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ আয়ুক্ত সচিব এম এছ মনিৱন্নন, মুখ্যমন্ত্ৰীৰ অতিৰিক্ত সচিব ড° জীৱন বি, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা চিং ৰংপিৰ লগতে অন্যান্য শীর্ষ বিষয়াসকল উপস্থিত থাকে।