যোৰহাট : মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে শুকুৰবাৰে যােৰহাট আৱর্ত ভৱনত যােৰহাট, শিৱসাগৰ, চৰাইদেউ আৰু গােলাঘাট জিলাৰ কভিড পৰিস্থিতি পর্যালােচনা কৰে। মুখ্যমন্ত্ৰীয়ে পৰীক্ষণ, ভেকচিনেশ্বন, অক্সিজেন চিলিণ্ডাৰ পর্যাপ্ত যােগান আদি বিষয়ত প্রশাসনে লােৱা ব্যৱস্থাৱলীৰ বিষয়ে বুজ লয়। পর্যালােচনাৰ সময়ত চাৰিওখন জিলাৰ উপাযুক্ত কেইগৰাকীয়ে স্বাস্থ্য বিভাগৰ সহযােগত জিলা প্রশাসনে গ্রহণ কৰা পদক্ষেপ সমূহৰ বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰে। বৈঠকত প্রতিখন জিলাৰে আৰক্ষী অধীক্ষক কেইগৰাকীয়ে লােৱা ব্যৱস্থাৱলীৰ বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰে।
আনহাতে যােৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ গৰাকীয়ে চিকিৎসা মহাবিদ্যালয়খনত কভিড চিকিৎসাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে মুখ্যমন্ত্ৰীক জনায়। মুখ্যমন্ত্ৰীয়ে কয় যে পূর্ব অভিজ্ঞতাৰ ভিত্তিত সাম্প্রতিক সময়ৰ কভিড পৰিস্থিতি মােকাবিলা কৰিব লাগিব। মুখ্যমন্ত্ৰীয়ে জনসাধাৰণে যাতে কভিড বিধি মানি চলে তাৰ বাবে অধিক সজাগ-সচেতনতাৰ সৃষ্টি কৰিব লাগিব বুলিও কয়। এই ক্ষেত্ৰত তৃণমূল পর্যায়ত ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। তেওঁ লগতে কভিড পৰীক্ষণ বৃদ্ধি কৰাৰ বাবেও উপযুক্ত ব্যৱস্থা গ্ৰহণৰ নির্দেশ দিয়ে।
ৰে’ল ষ্টেচন, বাহিৰৰ পৰা অহা ট্রাক ড্রাইভাৰ আৰু কৰ্মচাৰীৰ কভিড পৰীক্ষা কৰাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰােপ কৰে। এই জটিল সময়ত যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ কোনাে ধৰণৰ মূল্যবৃদ্ধি অথবা কৃত্রিম নাটনি হ’ব নােৱাৰে, সেই দিশটো গুৰুত্ব প্রদান কৰিবলৈ খাদ্য আৰু অসামৰিক যােগান বিভাগক মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে সংকট আৰু সমস্যাই সম্পদ আৰু সম্ভাৱনা কঢ়িয়াই আনে। এই পর্যালােচনামূলক বৈঠকত যােৰহাট, শিৱসাগৰ, চৰাইদেউ আৰু গােলাঘাট জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, যােৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ, অধীক্ষক, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক, খাদ্য আৰু অসামৰিক যােগান, জনস্বাস্থ্য কাৰিকৰী বিভাগকে ধৰি কেবাটাও বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে।
ইয়াৰ পূর্বে সাংবাদিকৰ সৈতে হােৱা কথােপকথনৰ সময়ত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে কভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে যথােচিত পদক্ষেপ গ্রহণ কৰিছে। কভিড ৰােগীসকলক চিকিৎসা প্রদানৰ বাবে স্বাস্থ্য বিভাগে জিলা প্রশাসনৰ সহযােগত সকলাে ধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰাজ্যখনত যাতে অক্সিজেনৰ কোনাে ধৰণৰ নাটনি নহয়, সেই দিশত ৰাজ্য চৰকাৰে যথােপযুক্ত পদক্ষেপ গ্রহণ কৰিছে। প্রথম পর্যায়ৰ কভিড সংক্ৰমণৰ সময়ত ৰাজ্যৰ জনসাধাৰণ, বিভিন্ন সংগঠনে আগবঢ়োৱা সহযােগিতাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এইবাৰাে জনসাধাৰণে স্বাস্থ্য বিধি মানি চলি এই সংক্রমণ প্রতিহত কৰিব লাগিব বুলিও কয়। ইতিমধ্যে প্রশাসনে প্রতিখন জিলাতে অহর্নিশে তৎপৰতাৰে কাম কৰি আছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়।