ডিব্ৰুগড় : কভিড পৰিস্থিতি পর্যালােচনা আৰু এই সম্পৰ্কত ল’বলগীয়া ব্যৱস্থাৰাজিৰ সম্পৰ্কত দেওবাৰে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ প্রেক্ষাগৃহত মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ অধ্যক্ষতাত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত দ্বিতীয় পর্যায়ত কভিডে সৃষ্টি কৰা পৰিস্থিতিৰ বিতংভাৱে পর্যালােচনা কৰা হয়।
বৈঠকত মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে কয় যে ৰাজ্যখনত সম্প্রতি কভিড় সংক্ৰমণৰ পৰিপ্ৰেক্ষিটত জনসাধাৰণক সজাগ-সচেতন কৰিব লাগিব। প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে আজিৰে পৰা অহা ১৪ এপ্রিললৈ যি টীকা উৎসৱৰ আহ্বান জনাইছে তাক সফল কৰাৰ বাবে চিকিৎসকসকলে অগ্রণী ভূমিকা গ্রহণ কৰিব লাগিব। জনসাধাৰণে যাতে ভেকচিন লােৱাৰ প্রতি আগ্রহী হৈ উঠে সেই দিশত জনসচেতনতা সৃষ্টিৰ বাবে চিকিৎসা বিভাগে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব।
কভিড ভেকচিনৰ যে কোনাে পার্শ্বক্রিয়া নাই, সেই দিশত বিশ্বাসৰ এক পৰিৱেশ নির্মাণৰ বাবেও চিকিৎসা বিভাগে প্রয়াস চলাব লাগিব। এই সংক্রমণ ৰােধৰ বাবে জনসাধাৰণে যাতে সামাজিক দুৰত্ব বর্তাই ৰাখে, মাস্ক পৰিধান কৰে আৰু পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকে সেই দিশটো উপযুক্ত জনসচেতনতা সৃষ্টিৰ ওপৰতাে মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰােপ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে প্রথম পর্যায়ত সৱধনতা অৱলম্বন কৰাৰ বাবে কভিড-১৯ ৰ যুঁজখনত ৰাজ্যখনে সফলতা লাভ কৰিছিল।
মুখ্যমন্ত্ৰীয়ে লগতে অসম চিকিৎসা মহাবিদ্যালয়ে কভিড ৰােগীসকলক উপযুক্ত চিকিৎসা আগবঢ়োৱাৰ দিশটো যথােচিত গুৰুত্ব প্রদান কৰিবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে কভিড পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰিবলৈও নির্দেশ দিয়ে। এই ক্ষেত্ৰত লক্ষ্য নির্ধাৰিতভাৱে কাম কৰিবলৈ মুখ্যমন্ত্ৰীয়ে কয়। বৈঠকত ডিব্ৰুগড় জিলাৰ উপায়ুক্ত, অসম চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ, অধীক্ষক, চিকিৎসক, জিলাখনৰ কভিড সম্পর্কিত বিভাগসমূহৰ উচ্চপদস্থ বিষয়া সকল উপস্থিত থাকে।