গুৱাহাটী : ছত্তিশগড়ত মাওবাদীৰ আক্ৰমণত শ্বহীদ হোৱা অসম সন্তান বাবলু ৰাভাৰ পৰিয়াললৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমবেদনা জ্ঞাপন। টুইট যোগে অসমৰ বীৰ শ্বহীদ গৰাকীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰীয়ে। শনিবাৰে ছত্তিশগড়ত মাওবাদীৰ সৈতে হোৱা সংঘর্ষত শ্বহীদ হৈছিল বাবলু ৰাভা।
শনিবাৰে ছত্তিশগড়ৰ বিজাপুৰ জিলাৰ এখন গভীৰ অৰণ্যত মাওবাদীৰ সৈতে হোৱা এক সংঘর্ষত পাঁচজনকৈ নিৰাপত্তাৰক্ষী শ্বহীদ হৈছিল। মাওবাদীৰ সৈতে সংঘর্ষত নিহত হোৱা নিৰাপত্তাৰক্ষী জোৱান সকলৰ ভিতৰত আছিল অসমৰ গোৱালপাৰা জিলাৰ দুধনৈৰ বীৰ জোৱান বাবুল ৰাভা।
মাওবাদীৰ সৈতে হোৱা আক্ৰমণত দুধনৈৰ বীৰ জোৱান বাবুল ৰাভাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মুখ্যমন্ত্ৰী গৰকীয়ে এক টুইট যোগে শোক প্ৰকাশ কৰি লিখিলে যে “ছত্তিশগড়ত মাওবাদীৰ বিৰুদ্ধে বীৰত্বেৰে যুঁজি শ্বহীদ হোৱা চি আৰ পি এফ’ৰ জোৱান তথা দুধনৈৰ সন্তান বাবলু ৰাভাই অতুলনীয় দেশপ্ৰেম আৰু পৰাক্ৰমৰ নিদৰ্শন দেখুৱাই থৈ গ’ল। বীৰ শ্বহীদগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ”।
মুখ্যমন্ত্ৰীয়ে টুইটত প্ৰকাশ আৰু কৰে যে “এই শোকৰ মূহুৰ্তত দেশবাসীৰ সৈতে আমি সকলোৱে বাবলু ৰাভাৰ পৰিয়ালৰ দুখৰ সমভাগী হৈছোঁ। তেওঁলোকলৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ”। মাওবাদীৰ সৈতে হোৱা সংঘর্ষত পাঁচ গৰকী নিৰাপত্তাৰক্ষীৰ জোৱান শ্বহীদ হোৱাৰ লগতে ২১ গৰাকী জোৱান বৰ্তমানেও সন্ধানহীন হৈ আছে।
সংঘর্ষত ৩১ গৰাকী নিৰাপত্তাৰক্ষীৰ জোৱান আহত হৈছে। উল্লেখ্য যে ছত্তিশগড়ৰ টেৰাম অঞ্চলত মাওবাদীৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীৰ জোৱান সকলে অভিযান চলাইছিল। অভিযানত সময়ত হোৱা সংঘর্ষত কেইগৰাকী মাওবাদী নিহত হৈছে এতিয়াও স্পষ্ট হোৱা নাই।