গুৱাহাটী : নিৰ্বাচনী গৰম বতাহৰ মাজতে আহিছে ৰঙৰ উৎসৱ ফাকুৱা। এফালে যদি নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে আনফালে বতাহত উৰিছে ফাকুৱাৰ ৰঙ। ফাকুৱাৰ ৰঙে অধিক ৰঙীন কৰি তুলিছে নিৰ্বাচনী পৰিৱেশ। ৰঙীন পৰিৱেশৰ মাজতে ৰাজনৈতিক দলৰ নেতা সকলে চলাই গৈছে প্ৰচাৰ অভিযান। পূৰ্ব গুৱাহাটী সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী সিদ্ধাৰ্থ ভট্টাচাৰ্যক লগত লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হ’ল ফাঁচি বজাৰৰ ফাকুৱা উৎসৱত।
নিৰ্বাচনী পৰিৱেশৰ মাজতে আহিছে ৰঙৰ উৎসৱ ফাকুৱা। সমগ্ৰ দেশৰ লগতে অসমতো ফাকুৱক লৈ আনন্দৰ পৰিৱেশ। শিশুৰ পৰা আৰম্ভ কৰি যুৱক-যুৱতীজ পুৰুষ-মহিলা সকলো বিলীন ফাকুৱা আনন্দত। মহানগৰী গুৱাহাটীৰ প্ৰান্তে প্রান্তে দেখিবলৈ পোৱা গ’ল ফাকুৱাৰ ৰঙীন পৰিৱেশ। ইজনে সিজনক ৰঙ লগাই ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিছে।
প্ৰতি বছৰৰ দৰে এইবাৰো ফাঁচি বজাৰত ফ্রেণ্ডছ ক্লাবে আয়োজন কৰা ফাকুৱা উৎসৱত দেখিবলৈ পোৱা যায় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ফাঁচি বজাৰত ৰাইজৰ লগত ফাকুৱা খেলি সকলোকে ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীৰ লগতে ফাঁচি বজাৰৰ ফাকুৱা উৎসৱত অংশগ্ৰহণ কৰে পূব গুৱাহাটী সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী সিদ্ধাৰ্থ ভট্টাচাৰ্য।
ফাঁচি বজাৰৰ ফাকুৱা উৎসৱত অংশগ্ৰহণ কৰা ৰাইজে মুখ্যমন্ত্ৰী গৰাকীক পাই অধিক আনন্দিত হৈ পৰা পৰিলক্ষিত হয়। ৰঙা, নীলা, হালধীয়া, সেউজীয়া ৰঙেৰে ৰঙীন হৈ পৰে ফাঁচি বজাৰৰ পৰিৱেশ। ইজনে সিজনক ৰঙ লগাই ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰে। ফ্রেণ্ডছ ক্লাবে আয়োজন কৰা ফাকুৱা উৎসৱত মহানগৰীবাসী মিলিত হৈ গীতৰ তালে তালে নাচি, বতাহত ফাকুৱা উৰুৱাই ফাকুৱাৰ আনন্দত মতলীয়া হৈ পৰে।