ঢেকিয়াজুলি : মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে বুধবাৰে পুৱা অনুভূত হােৱা ভূমিকম্পৰ অভিকেন্দ্র ঢেকিয়াজুলি আৰু পাশ্বৱর্তী অঞ্চল পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে প্ৰথমতে ভূমিকম্পত বেয়াকৈ ক্ষতিগ্রস্ত হােৱা চিৰাজুলি আদর্শ চিকিৎসালয় পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লােৱাৰ উপৰি হাস্পতালখনৰ চিকিৎসকৰ সৈতে মত-বিনিময় কৰে।
ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে তৰাজান বঙালী গাঁও পৰিদৰ্শন কৰি ভূমিকম্পৰ ফলত ফাট মেলা ভূমি পৰিদৰ্শন কৰাৰ উপৰি ভূমিকম্পটোৰ ফলত ভূগৰ্ভৰ পৰা নিগৰি ওলাই থকা পানী সুৰুঙা সমূহে প্রত্যক্ষ কৰে। ইয়াৰ পিছত উপস্থিত থকা সাংবাদিকসকলৰ সৈতে হােৱা কথাবত মুখ্যমন্ত্ৰীয়ে কয় যে কৰ’ণা অতিমাৰীৰ এই দ্বিতীয় জোৱাৰৰ সময়তে ৰাজ্যখনে আন এক দুর্যোগৰ মুখামুখি হৈছে।
ৰাজ্য চৰকাৰে ইতিমধ্যে প্রতিখন জিলাৰ উপায়ুক্তক ক্ষয়-ক্ষতিৰ চৰজমিন বুজ লােৱাৰ বাবে নির্দেশ দিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়েও ভূমিকম্পৰ পিছত দুৱাৰকৈ টেলিফোন যােগে কথা-পাতি পৰিস্থিতিৰ বুজ লােৱাৰ উপৰি সকলােধৰণৰ সহায়-সহযােগিতা আগবঢ়োৱাৰ আশ্বাস প্রদান কৰিছে।
প্রশাসনক যি কোনাে দুর্যোগৰ মুখামুখি হ’ব পৰাকৈ সষ্টম কৰি ৰখা হৈছে। মুখ্যমন্ত্ৰীয়ে নিজেও ভূমিকম্পৰ অভিকেন্দ্র আৰু ইয়াৰ পাশ্বৱর্তী অঞ্চলত হােৱা পৰিস্থিতিৰ চৰজমিন বুজ লােৱাৰ উদ্দেশ্যে আহিছে বুলি কয়।পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গােস্বামী, ঢেকিয়াজুলিৰ বিধায়ক অশােক সিংহাল, শােণিতপুৰ জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।