গুৱাহাটী : ৰাজ্যৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্যকালৰ প্রথম মাহপূর্তিৰ লগত সংগতি ৰাখি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ শিশু সেৱা আঁচনিখন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। এই উপলক্ষে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়ােজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ক’ভিড-১৯ ত পিতৃ-মাতৃৰ মৃত্যু হােৱা কিছুসংখ্যক হিতাধিকাৰীক বিত্তীয় সাহায্যৰ ধনৰাশিৰ প্রথম মাহৰ সাহায্যৰ চেক, ম্যাদী জমাৰ প্রমাণ পত্র, একোটাকৈ লেপটপ আৰু উপহাৰৰ টোপােলা প্রদান কৰে।

উল্লেখ্য যে এই আঁচনিৰ অধীনত প্ৰতিগৰাকী হিতাধিকাৰীৰ নামত ৰাজ্য চৰকাৰে বেংকত ৭,৮১,২০০ টকাৰ ধনৰাশি ম্যাদী জমা কৰিব। এই ম্যাদী ধনৰাশিৰ সুদৰ পৰা হিতাধিকাৰীগৰাকীয়ে ২৪ বছৰ নােহােৱাপর্যন্ত প্রতি মাহে ৩৫০০ টকাৰ বিত্তীয় সাহায্য লাভ কৰিবলৈ সক্ষম হ’ব।হিতাধিকাৰীগৰাকীৰ ২৪ বছৰ সম্পূর্ণ হ’লে এই জমাকৃত ম্যাদী ধনৰাশিৰ মূলধন প্ৰতিগৰাকী হিতাধিকাৰীৰ নিজৰ একাউন্টলৈ হস্তান্তৰিত কৰা হ’ব। কেন্দ্রৰ মােদী চৰকাৰৰ ৭ বছৰ সম্পূৰ্ণ হােৱা উপলক্ষে যােৱা ২৯ মে’ত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই আঁচনিখন ঘােষণা কৰিছিল আৰু ঘােষণা কৰাৰ ১০ দিনৰ ভিতৰতে এই আঁচনিখনৰ অধীনত হিতাধিকাৰীসকললৈ বিত্তীয় সাহায্য প্রদান কৰা হয়।

ভাষণ প্রসংগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে বর্তমানৰ ৰাজ্য চৰকাৰখনে প্রথম মাহ সম্পূর্ণ কৰাৰ এই শুভক্ষণত এই আঁচনিখন শুভাৰম্ভ কৰিছে। ক’ভিডৰ ফলত নিজৰ পিতৃ-মাতৃক হেৰুওৱা ল’ৰা-ছােৱালীসকললৈ চৰকাৰখনে কিছু সহায়ৰ হাত আগবঢ়াব পাৰি যথেষ্ট সুখী বুলিও তেওঁ কয়। এই আঁচনিখনে পিতৃ-মাতৃহীন এই হিতাধিকাৰীসকলক এক মর্যাদাসম্পন্ন জীৱন-যাপন কৰি নিজৰ ভৱিষ্যত গঢ় দিয়াৰ দিশত বিশেষভাৱে উপকৃত কৰিব বুলিও তেওঁ কয়। এই আঁচনিখনৰ অধীনত ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ ২০০০ টকাৰ সাহায্যসহ প্ৰতিগৰাকী শিশুক ৩৫০০ টকাকৈ প্রতিমাহে প্ৰদান কৰিব।

কোনাে অভিভাৱক নােহােৱা ১০ বছৰ তলৰ শিশু আৰু বয়ােঃসন্ধিকালৰ কন্যাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে এই শিশুসকলক যিকোনাে শিশু সেৱা প্রতিষ্ঠানত ভৰ্ত্তি কৰিব আৰু তেওঁলােকৰ শিক্ষা ব্যয়ৰ লগতে অন্যান্য খা-খৰচো বহন কৰিব। মাউৰা বয়ােঃসন্ধিকালৰ কন্যাসকলৰ বাবে চৰকাৰে এক প্রতিষ্ঠিত প্রতিষ্ঠানত ৰখাৰ ব্যৱস্থা কৰিব যাতে এই শিশুসকলৰ পৰিচর্যা আৰু সুৰক্ষা নিশ্চিত কৰিব পৰা যায়। তেনে এক আবাসিক বিদ্যালয় হ’ল কস্তুৰবা গান্ধী বালিকা বিদ্যালয়। এই আঁচনিৰ অধীনত চৰকাৰে বিবাহৰ সময়তাে বিত্তীয় সাহায্য প্রদান কৰিব। আঁচনিখনৰ অধীনত প্ৰতিগৰাকী ছােৱালীক বিৱাহৰ সময়ত ‘অৰুন্ধতী’ আঁচনিৰ জৰিয়তে এক তােলাকৈ সােণৰ লগতে ৫০ হাজাৰ টকাৰ বিত্তীয় সাহায্য আগবঢ়াব।

আৰু পঢ়কঃ সাতশিয়াত প্ৰধান শিক্ষকৰ কামনাৰ বলি হ’ল এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী

এই শিশুসকলৰ দক্ষতা তথা বৃত্তিগত প্রশিক্ষণৰ দিশত সহায়ক হােৱাকৈ চৰকাৰে বিদ্যালয়লৈ যােৱা অথবা মহাবিদ্যালয়লৈ যােৱা শিশুসকললৈ একোটিকৈ লেপটপ অথবা টেবলেট প্রদান কৰিব। আঁচনিখনে সামৰা সকলাে ছাত্র-ছাত্রীকে দক্ষতা ভিত্তিক শিক্ষা আৰু দক্ষতা বিকাশৰ প্রশিক্ষণ প্রদান কৰা হ’ব। আনহাতে ক’ভিডত নিজৰ স্বামীক হেৰুওৱা বিধৱা মহিলাসকলৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আন এখন আঁচনিৰ কথা ঘােষণা কৰিছে। এই আঁচনিখনৰ অধীনত ৰাজ্য চৰকাৰে ক’ভিডত আক্ৰান্ত হৈ স্বামীৰ মৃত্যু হােৱা প্ৰতিগৰাকী মহিলালৈ এককালীন ২.৫ লাখ টকাকৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আগবঢ়াব। তদুপৰি এই বিধৱা মহিলাসকলে ‘অৰুণােদয়’ আঁচনিৰ সা-সুবিধা আৰু ইন্দিৰা মিৰি বিধৱা পেঞ্চন আঁচনিৰ অধীনত বিধৱা পেঞ্চন লাভ কৰিবলৈ সক্ষম হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply