গুৱাহাটীঃ পুৱাৰে পৰা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী আবাসলৈ নৱনিৰ্বাচিত বিজেপিৰ বিধায়কসকলৰ সোঁত বৈছে | কোনো এগৰাকী বিধায়কে কোন হ’ব মুখ্যমন্ত্ৰী সেই কথা প্ৰকাশ কৰা নাই যদিও সকলোৱে তেওঁক শুভেচ্ছা জনাবলৈ আহিছে |
বিধায়িনী দলৰ বৈঠকৰ আগতে দলৰ বিধায়কসকলক কোন হ’ব নতুন মুখ্যমন্ত্ৰী প্ৰকাশ কৰাত বাধা আৰোপ কৰিছে বাবেই মুখ খোলা নাই যদিও সকলো আহিছে তেওঁক শুভেচ্ছা জনাবলৈ আহিছে। ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহৰ চৌহদত সুৰক্ষাও বৃদ্ধি কৰিছে। ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ বাসগৃহ ব্ৰহ্মপুত্ৰ অতিথিশালালৈ কোনো এজন বিধায়কৰ উপস্থিতি দেখা নাই।
আৰু পঢ়কঃ আজি বিজেপিৰ বিধায়িনী দলৰ বৈঠকত চূড়ান্ত হ’ব মুখ্যমন্ত্ৰীৰ নাম
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰত নাম চূড়ান্ত কৰাৰ কথা প্ৰকাশ কৰাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক দিল্লীলৈ নিয়াৰ বাবে কেন্দ্ৰীয় নেতৃত্বই সন্মতি জনোৱাৰ কথা উল্লেখ কৰিছে ।
বিধায়িনী দলৰ বৈঠকৰ পিছতেই মিত্ৰদল অগপ আৰু ইউ পি পি এল মাজত আলোচনা কৰি ৪ বজাত ৰাজ্যপালক নতুন চৰকাৰ গঠনৰ বাবে প্ৰস্তাব দিব। শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি কাইলৈ কলাক্ষেত্ৰত হ’ব লগা অনুষ্ঠানত নতুন মন্ত্ৰীসভাই শপতবাক্য পাঠ কৰিব।