গুৱাহাটী : পূৰ্বাঞ্চলৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ পর্যালােচনাৰ উদ্দেশ্যে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে মঙলবাৰে অঞ্চলটোৰ আঠোখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আয়ােজন কৰা ভিডিঅ’ কনফাৰেন্সত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্রহণ কৰে।ভিডিঅ’ কনফাৰেন্সৰ সময়ত মুখ্যমন্ত্ৰীয়ে ক’ভিড অতিমাৰীৰ দুয়ােটা ঢৌৰ সময়ত উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ প্ৰতি আগবঢ়োৱা সহযােগিতাৰ বাবে প্রধানমন্ত্রীক ধন্যবাদ জ্ঞাপন কৰে।

ক’ভিডৰ বিৰুদ্ধে যুঁজত অসমে ভাল প্রদর্শন কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ চাহ বাগিচা অঞ্চলত এই ৰােগ নিয়ন্ত্ৰণৰ প্রয়ােজনীয়তাৰ ওপৰত আলােকপাত কৰে। চাহ বাগিচা এলেকাসমূহত এই ৰােগ নিয়ন্ত্ৰণৰ বাবে লােৱা পদক্ষেপৰ লগতে বাগিচাৰ ৰাইজক টীকাকৰণৰ বাবে লােৱা প্ৰচেষ্টাৰ বিষয়েও তেওঁ প্ৰধানমন্ত্ৰীক অৱগত কৰে।

মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ ক’ভিড চিকিৎসা আন্তঃগাঁথনিৰ অংশ হিচাপে মেডিকেল অক্সিজেনৰ উৎপাদন, আইচিইউ বিচনা, অক্সিজেনৰ সুবিধাযুক্ত বিচনা, আইচ’লেশ্যন ৱার্ড আদিৰ স্থিতিৰ বিষয়ে প্রধানমন্ত্রীক অৱগত কৰে। ৰাজ্যখনৰ সকলাে লােককে অতি সােনকালে টীকাকৰণৰ অধীনত সামৰি ল’ব পৰাকৈ অসমলৈ ভেকচিনৰ আৱণ্টন বৃদ্ধি কৰিবৰ বাবেও তেওঁ প্রধানমন্ত্রীক অনুৰােধ জনায়।

মুখ্যমন্ত্ৰীয়ে কয় যে অসম চৰকাৰে প্ৰধানমন্ত্রীৰ ‘টেষ্টিং-ট্রেকিং-ট্রিটমেন্ট’ নীতি অনুসৰণ কৰিছে আৰু সম্পূর্ণ লকডাউন ঘােষণাৰ পর্যায়লৈ নােযােৱাকৈ ৬ হাজাৰতকৈও অধিক মাইক্রকণ্টেইনমেন্ট জ’ন ঘােষণা কৰি মহামাৰী নিয়ন্ত্রণ কৰিবলৈ সক্ষম হৈছে। অর্থনীতি আৰু ক’ভিডৰ বিৰুদ্ধে যুঁজ একেলগে চলাই থকা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

লগতে পঢ়ক : পথ দুর্ঘটনাই পোহৰলৈ আনিলে কিদৰে চলে সুৰাৰ অবৈধ সৰবৰাহৰ

অসমৰ ক’ভিড পজিটিভিটিৰ হাৰ অতি সােনকালে ১ শতাংশৰ তললৈ নমাই আনিব পৰা যাব বুলি মুখ্যমন্ত্ৰীয়ে আশা ব্যক্ত কৰে।এই ভিডিঅ’ কনফাৰেন্সত উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ লগতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, কেন্দ্রীয় প্রতিক্ষা মন্ত্রী ৰাজনাথ সিং, কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী মনসুখ মাণ্ডৱিয়া, ডনাৰ মন্ত্রী জি কিষাণ ৰেড্ডী আৰু ৰাজ্যিক মন্ত্রী বি এল বার্মাইও অংশগ্রহণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply