গুৱাহাটী : বটদ্ৰৱা থানক আধ্যাত্মিক আৰু সাংস্কৃতিক কেন্দ্র হিচাপে গঢ়ি তুলিবলৈ আৰম্ভ কৰা বৃহৎ প্রকল্পটিৰ কাম-কাজৰ বুজ লয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বটদ্ৰৱাত অনুষ্ঠিত এক সভাত মুখ্যমন্ত্ৰীয়ে সমগ্র প্রকল্পটোৰ কামৰ অগ্রগতি পর্যালােচনা কৰে। লােক নির্মাণ বিভাগৰ উচ্চপদস্থ বিষয়া সকলে প্রকল্পটোৰ ৰূপায়ণৰ বিভিন্ন দিশ সম্পর্কে মুখ্যমন্ত্ৰীক অৱগত কৰে।

বৈঠকত মুখ্যমন্ত্ৰীয়ে দ্রুতগতিত আৰু সময় নির্ধাৰিতভাৱে প্রকল্পটো সম্পূর্ণ কৰিবলৈ লােক নির্মাণ বিভাগৰ শীর্ষ বিষয়ক নির্দেশ দিয়ে। প্রতি দিনৰ কাম-কাজৰ অগ্ৰগতিৰ খতিয়ান লােৱাৰ বাবেও এগৰাকী অতিৰিক্ত উপাযুক্তক দায়িত্ব দিবলৈ কয় মুখ্যমন্ত্ৰীয়ে। উল্লেখ্য যে ১৬৫ বিঘা ভূমি সামৰি ১৮৮ কোটি টকা ব্যয় সাপেক্ষে প্রকল্পটো গঢ়ি তােলা হ’ব। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে বটদ্ৰৱা প্রকল্পটিৰ আধাৰশিলা ইতিমধ্যে স্থাপন কৰিছে।

পর্যালােচনা বৈঠকত স্বাস্থ্য মন্ত্রী কেশৱ মহন্ত, স্থানীয় বিধায়িকা শিৱামণি বৰা, বিধায়কদ্বয় ৰূপক শৰ্মা আৰু জিতু গােস্বামী, প্রাক্তন বিধায়িকা আঙুৰলতা ডেকা, নগাঁও জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, লােকনির্মাণ বিভাগৰ মুখ্য অভিযন্তাকে ধৰি শীর্ষ বিষয়া, শ্রীশ্রীনৰােৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগােস্বামী, শ্রীশ্রী শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যােগেন্দ্ৰ নাৰায়ন দেৱমহন্ত, শ্রীশ্রী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ বিষয়ববীয়া, জিলা প্রশাসনৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে।

লগতে পঢ়ক : মহানগৰী গুৱাহাটীক বানমুক্ত কৰাৰ উদ্দেশ্যে গুৱাহাটী উন্নয়ন মন্ত্রীৰ গুৰুত্বপূৰ্ণ সভা

ইয়াৰ পিছতে সাংবাদিকৰে হােৱা কথােপকথনৰ সময়ত মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতৰ গৃহমন্ত্রী অমিত শ্বাহে বটদ্ৰৱা থানৰ সৌন্দৰ্বৰ্ধনৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল। প্রকল্পটিত কিছু প্ৰাৰম্ভিক বাধা আছিল যদিও সেই বাধাসমূহ দূৰ কৰা হ’ল। এতিয়া এই প্রকল্পৰ কাম দ্রুত গতিত আগবাঢ়িব। নির্দিষ্ট সময়ৰ ভিতৰত প্ৰকল্পটোৰ কাম সম্পূর্ণ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,843 other subscribers

Leave a comment

Leave a Reply