মৰিগাঁও : মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ অন্তৰ্গত বালিদোঙাত সংঘটিত হৈছিল এক জঘন্য ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনা। এগৰাকী কন্যা শিশুক ধর্ষণ কৰি হত্যা কৰা ঘটনাই সমগ্ৰ ৰাজ্য কঁপাই গৈছিল। কন্যা শিশুৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ এই জঘন্য ঘটনাৰ বুজ লবলৈ শুকুৰবাৰে ভূৰাগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

ঘটনা সন্দৰ্ভত বুজলৈ মুখ্যমন্ত্ৰীয়ে কয় “প্ৰতিগৰাকী ব্যক্তিৰ জীৱনেই মূল্যৱান৷ মৰিগাঁও জিলাৰ ভূৰাগাঁৱত ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৯ বছৰীয়া কন্যা শিশু এগৰাকীৰ ক্ষেত্ৰত যি ঘটনা সংঘটিত হ’ল সেয়া সঁচাকৈয়ে দুৰ্ভাগ্যজনক৷ আজি মই কন্যাগৰাকীৰ পিতৃ-মাতৃক সাক্ষাৎ কৰোঁ আৰু এই ঘটনাৰ সৈতে জড়িত দুষ্কৃতিকাৰীক কোনোপধ্যে সাৰি যাব দিয়া নহ’ব বুলি আশ্বাস প্ৰদান কৰোঁ৷৷”

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় “আমি এনেধৰণৰ আতিশয্য কেতিয়াও সহ্য নকৰোঁ৷ এই ঘটনাৰ তদন্ত প্ৰক্ৰিয়াৰ মই বুজ লওঁ৷ মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষকক তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰাৰ লগতে দুষ্কৃতিকাৰীক অতি সোনকালে কৰায়ত্ত কৰাৰ নিৰ্দেশ দিওঁ৷” পৰিয়ালটোৱে ক্ষীপ্ৰভাৱে ন্যায় পোৱা উচিত বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে মহিলাৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰা অপৰাধীৰ বিৰুদ্ধে এয়া এক দৃষ্টান্তমূলক শাস্তিৰ উদাহৰণ হওক বুলিও কয়।

অপৰাধজনীত ঘটনাৰ লগত জড়িত লোকক শাস্তি দিলেহে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় বুলিও কয় মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ লগতে সাংসদ দিলীপ শইকীয়া, মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু লাহৰীঘাটৰ বিধায়ক ড॰ আছিফ মহম্মদ নাগৰ উপস্থিত থাকে। ইফালে এই জঘন্য ঘটনাৰ লগত জড়িত এজন অভিযুক্তক কৰায়ত্ত কৰা হৈছে বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply