গুৱাহাটী : মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি চিকিৎসা মহাবিদ্যালয়খনত থকা অক্সিজেন প্লান্ট আৰু অক্সিজেনৰ মজুতকৰণ ব্যৱস্থাৰ সবিশেষ বুজ লয়। মুখ্যমন্ত্ৰীয়ে লগতে কভিড ৰােগীসকলৰ বাবে চিকিৎসালয়খনত থকা সা-সুবিধাসমূহৰো বুজ লয়। ইয়াৰ পিছতে সংবাদ মাধ্যমক সম্বােধন কৰি মুখ্যমন্ত্রী সৰ্বানন্দ সােণােৱালে কয় যে সমগ্র বিশ্বতে কভিড ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ভাৰতবৰ্ষতে এইমহামাৰীয়ে সম্প্রতি জটিল ৰূপ ধাৰণ কৰিছে। ৰাজ্যখনত কভিডৰ শেহতীয়া জোৱাৰ প্রতিহত কৰাৰ বাবে ৰাজ্য চৰকাৰে সম্ভৱপৰ সকলাে ফলপ্রসূ ব্যৱস্থা গ্ৰহণ কৰিছে।
ৰাজ্যখনত পর্যাপ্ত সংখ্যক হাস্পতালৰ বিছনা, আই চি ইউ, ভেকচিন, অক্সিজেন ইত্যাদিৰ ব্যৱস্থা উপলব্ধ কৰােৱা হৈছে। স্বাস্থ্য বিভাগে ইতিমধ্যে উপলব্ধ কৰােৱা ব্যৱস্থাসমূহৰাে মুখ্যমন্ত্ৰীয়ে প্রশংসা কৰে। ৰাজ্যখনত কিছুসংখ্যক ব্যক্তিয়ে কভিড বিধি উলংঘা কৰি আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এই মহামাৰী প্রতিহত কৰাৰ দিশত সকলােকে স্বাস্থ্য বিভাগে জাৰি কৰা নীতি-নিয়ম কঠোৰভাৱে পালন কৰাৰ বাবে আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে কয় যে চিকিৎসা মহাবিদ্যালয় কেইখনকে ধৰি জিলা, মহকুমা চিকিৎসালয়ৰ জৰিয়তে কভিড চিকিৎসা শৃংখলাবদ্ধভাৱে কৰাৰ দিশত ৰাজ্যৰ স্বাস্থ্য বিভাগ সফল হৈছে।
আৰু পঢ়কঃকামৰূপ মহানগৰ জিলাত হ’ম কোৱাৰেণ্টাইনৰ নতুন নির্দেশনা
স্বাস্থ্য বিভাগে কভিড ৰােগীসকলৰ চিকিৎসাৰ দিশত প্রয়ােজনীয় সকলাে আন্তঃগাঁথনি সৃষ্টি কৰাৰ ফলশ্ৰুতিত আজি জনসাধাৰণক চৰকাৰখনে প্রয়ােজনীয় চিকিৎসা প্রদান কৰিবলৈ সক্ষম হৈছে। ইয়াৰ জৰিয়তে জনসাধাৰণৰ আত্মবিশ্বাস প্রগাঢ় হৈছে। চৰকাৰে যেতিয়া যিকোনাে পৰিস্থিতি সুচাৰুৰূপে পৰিচালনা কৰে তেতিয়া জনসাধাৰণৰ মনত আস্থা আৰু বিশ্বাসৰ মনােভাৱ দৃঢ় হয়। যােৱাবাৰ ৰাজ্যখনে সকলােৰে সহযােগত যেনেদৰে কভিড পৰিস্থিতি মােকাবিলা কৰিছিল সেয়া সমগ্র ভাৰতবৰ্ষই প্রশংসা কৰিছিল।
কভিড পৰিচালনাৰ দিশত চৰকাৰখনে যেনেধৰণৰ এক ভাল ব্যৱস্থাপনা গঢ়ি তুলিছিল, ইয়াৰ ফলশ্ৰুতিত বিভিন্ন সংস্থাইও প্রশংসা কৰিছিল। এই ব্যৱস্থা আমি পুনৰ গঢ়ি তুলিব লাগিব। আমাৰ মাজত সেই উপলব্ধি, অভিজ্ঞতা, দক্ষতা আৰু পৰিচালনা ব্যৱস্থাপনা আছে বুলি মুখ্যমন্ত্ৰীয়ে দৃঢ়ভাৱে কয়। মুখ্যমন্ত্ৰীয়ে সাংবাদিকসকলে জনসাধাৰণক এই দিশত সজাগ-সচেতন কৰাৰ বাবে লােৱা প্রচেষ্টাৰাে শলাগ লােৱাৰ উপৰি স্বাস্থ্য মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অক্সিজেন তথা প্রয়ােজনীয় ঔষধ প্রাপ্তিৰ দিশত প্রতিবেশী ৰাষ্ট্ৰৰ সৈতে চলােৱা যােগাযােগ ব্যৱস্থাৰাে শলাগ লয়।