গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে মহানগৰীৰ হাউছফেডস্থিত পেঞ্চন সঞ্চালকালয় পৰিদৰ্শন কৰি পেঞ্চনৰ বিষয়সমূহৰ বিলম্বতা আৰু মীমাংসাৰ দিশসমূহ পর্যালােচনা কৰে।।পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অৱসৰ গ্ৰহণ কৰাৰ দিনাখনেই সঞ্চালকালয়ৰ অধীনস্থ পেঞ্চনাৰসকলে যাতে পেঞ্চন লাভ কৰাটো নিশ্চিত কৰিব পৰা যায় তাৰ বাবে ‘কৃতজ্ঞতা’ শীর্ষক পৰ্টেল আৰু আমট্ৰণৰ পেঞ্চন পৰ্টেলযুক্ত কৰি ২০২২ চনৰ জানুৱাৰীৰ ভিতৰত কোষাগাৰ বিষয়াসকলৰ কার্যালয়ৰ সৈতে ইয়াৰ সংযােগ স্থাপনৰ পদক্ষেপ লােৱাৰ বাবে আমট্ৰণক মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে।
এই পদক্ষেপে পেঞ্চন প্রদান পদ্ধতিটোক কাগজবিহীন আৰু ক্ষিপ্ৰ কৰি তুলিব।।মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অৱসৰ গ্ৰহণ কৰাৰ দিনাখনেই এগৰাকী কৰ্মচাৰীক যাতে পেঞ্চন প্রদান কৰিব পৰা যায় তাৰ বাবে এক পদ্ধতি উপলব্ধ কৰাৰ বাবে ৰাজ্য চৰকাৰে কাম কৰি আছে। মুখ্যমন্ত্ৰীয়ে আমট্ৰণক প্রত্যেক কার্যালয়ৰ ডি ডি অ সকললৈ একোটিকৈ স্কেনাৰ যােগান ধৰাৰ বাবেও নির্দেশ দিয়ে। যাৰ জৰিয়তে এগৰাকী অপাৰেটৰ পেঞ্চনাৰগৰাকীৰ সকলাে নথি আপলােড কৰিব। পেঞ্চন সঞ্চালকালয়ে এই নথিসমূহ ডাউনলােড কৰিব আৰু ডিজিটেল স্বাক্ষৰৰ পিছত সেয়া নিষ্পত্তি কৰিব। এই পদ্ধতিয়ে কায়িক নথিৰ প্ৰয়ােজনীয়তা নােহােৱা কৰিব আৰু পেঞ্চন প্রদানৰ দিশটো ক্ষিপ্ৰ কৰি তুলিব।
লগতে পঢ়ক : পৰিয়ালৰ বছেৰেকীয়া আয় ২লাখৰ তলৰ শিক্ষাৰ্থীয়ে লাভ কৰিব বিনামূলীয়া নামভৰ্তি
পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীয়ে বর্তমান পেঞ্চন সঞ্চালকালয়ে প্রতিমাহে ১ হাজাৰ টাকৈ পেঞ্চন মীমাংসাৰ দিশটোক বৃদ্ধি কৰি মাহেকত ১৫০০ টা পেঞ্চনৰ বিষয় নিষ্পত্তি কৰাৰ লক্ষ্য নির্ধাৰণ কৰিবলৈ নির্দেশ দিয়ে। পেঞ্চানৰসকলে তেওঁলােকৰ অৱসৰ গ্ৰহণৰ ৬ মাহৰ আগতে তেওঁলােকৰ নথিসমূহ দাখিল কৰণৰ প্ৰয়ােজনীয়তাৰ ওপৰতাে মুখ্যমন্ত্ৰীয়ে গুৰুত্ব প্রদান কৰে যাতে তেওঁলােকৰ পেঞ্চন পেমেন্ট অর্ডাৰ তেওঁলােকৰ অৱসৰ গ্ৰহণৰ দিনাখনেই উপলব্ধ কৰিব পৰা যায়।।মুখ্যমন্ত্ৰীয়ে ‘কৃতজ্ঞতা’ পাের্টেলৰ জৰিয়তে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ ২৭২ গৰাকী অবিবাহিতা নােহােৱা জীয়ৰীলৈ পৰিয়াল পেঞ্চন আৰু ২১১৫ সংখ্যক অনুকম্পামূলক পৰিয়াল পেঞ্চন প্ৰদানৰ বিষয়টোও পর্যালােচনা কৰে।