গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে গুৱাহাটীৰ খানাপাৰাত মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয় আৰু ৰূপনগৰত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ নতুনকৈ নির্মাণ হ’বলগীয়া ভৱনৰ প্রস্তাবিত স্থান পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিভাগক প্রস্তাৱিত ভৱনসমুহৰ প্রাথমিক কাম কাজ ত্বৰান্বিত কৰিবলৈ কয় যাতে নির্ধাৰিত সময়ৰ ভিতৰত নির্মাণ কার্য সম্পূর্ণ কৰিব পৰা
যায়।

ইয়াৰ পিছত মুখ্যমন্ত্ৰীয়ে পাণবজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত থকা কামৰূপ জিলাৰ উপায়ুক্তৰ পুৰণি বাসভৱনৰ লগতে আৰক্ষী সঞ্চালক প্রধান, আৰক্ষী অধীক্ষকৰ বাসভৱন আদি স্থানাে পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ কাছাৰীস্থিত ৰােপৱে টার্মিনেলৰ কাষৰ স্থানাে পৰিদৰ্শন কৰে। ইয়াৰ উপৰি উক্ত স্থানসমূহ পৰিদৰ্শনৰ পিছত মুখ্যমন্ত্ৰীয়ে ব্রহ্মপুত্র নদীৰ পাৰৰ অঞ্চলৰ সৌন্দর্যবর্ধনৰ বাবে ১০০ বছৰ সম্পূর্ণ নােহােৱা নদীৰ কাষৰ সকলাে চৰকাৰী ভৱন তত্ত্বালে ভাঙি পেলাবলৈ কর্তৃপক্ষক নির্দেশ দিয়ে।

লগতে পঢ়ক : শিলচৰ আৰু মিজোৰামৰ ভইৰবি মাজত ট্ৰেইন চলাচল পুনৰ আৰম্ভ

অৱশ্যে ১০০ বছৰতকৈ অধিক পুৰণি ভবনসমূহক ঐতিহ্যবাহী ভৱন হিচাপে সংৰক্ষণ কৰাৰ বাবেও পদক্ষেপ গ্রহণ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।পৰিদৰ্শনৰ সময়ত গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্রী অশােক সিংহল, আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত, গুৱাহাটী মহানগৰৰ আৰক্ষী আয়ুক্ত হৰমিত সিও, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেণ্ডৰ লগতে লােক নির্মাণ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগ, জিএমচি, জিএমডিএ আদিৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply