গুৱাহাটী : শাৰদীয় দুর্গোৎসব উপলক্ষে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ সকলাে শ্ৰেণীৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এক শুভেচ্ছাবাণীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে বিশ্বৰ ভিতৰতে প্রাচীন ভাৰতীয় সভ্যতা-সংস্কৃতিৰ মূল উপাদান হ’ল আধ্যাত্মিক জীৱন দর্শন। অতীজৰে পৰা ভাৰতীয় সমাজ জীৱন শক্তিশালী আধ্যাত্মিক ধ্যান-ধাৰণাৰে পৰিচালিত হৈ মূল্যবােধ তথা মানবতাবােধৰ আধাৰত প্রতিষ্ঠিত এখন প্রগতিশীল সমাজ হিচাপে পৰিচিত হৈ আহিছে।
মুখ্যমন্ত্ৰীয়ে কয় যে আমাৰ আধ্যাত্মিক জীবন পৰিক্ৰমাত উৎসব-পার্বণসমূহে সদায়ে ইতিবাচক অৰিহণা যােগাই আহিছে। শৰৎ কাল অতি বিতােপন। এই শৰৎ কালত অনুষ্ঠিত হােৱা শাৰদীয় দুর্গোৎসৱ কেৱল মাত্র এক ধর্মীয় উৎসৱেই নহয়, ই হ’ল প্রেম, ভাতৃত্ববােধ তথা অন্যান্য মানৱীয় অনুভূতিৰে সমৃদ্ধ এক মহামিলনৰ উৎসৱ। এই উৎসৱ হ’ল অপশক্তি নাশেৰে সত্যক প্রতিষ্ঠা কৰা এক যুগজয়ী উৎসৱ। প্ৰকৃতিৰ এই উৎসৱমুখৰ তথা বিনন্দীয়া পৰিৱেশে সমাজত শান্তি- সম্প্রীতি গঢ়াৰ পথা সুদৃঢ় কৰে।
মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰে যে শাৰদীয় দুর্গোৎসৱে আমাৰ মাজত বৰ্তি থকা শান্তি, সম্প্রীতি, প্রেম তথা ভাতৃত্ববােধৰ এনাজৰী অধিক সুদৃঢ় কৰাৰ দিশত সকলােকে ঐক্যবদ্ধভাবে কাম কৰাৰ বাবে অনুপ্রাণিত কৰিব। আনহাতে, মুখ্যমন্ত্ৰীয়ে ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে জাৰি কৰানীতি-নির্দেশনা অনুসৰণ কৰি শৃংখলাবদ্ধভাৱে শাৰদীয় দুর্যোগৎসৱ উদ্যাপনৰ বাবে অসমবাসীক আহ্বান জনাইছে।
লগতে পঢ়ক : পাণ্ডুৰ পূজা মাণ্ডপত হাতত ক’ভিড প্ৰতিষেধকলৈ মা দুৰ্গা
এই প্রসংগত মুখ্যমন্ত্ৰীয়ে কয় যে সাম্প্রতিক সময়ত ক’ভিড-১৯ সংক্রমণ কিছু স্তিমিত হৈছে যদিও ইয়াৰ বিভীষিকা সম্পূৰ্ণৰূপে আঁতৰি যােৱা নাই। ৰাজহুৱা স্থানত মাস্ক পৰিধানৰ লগতে সান্ধ্য আইনৰ আগতে সকলাে কার্যসূচী সামৰিবৰ বাবেও মুখ্যমন্ত্ৰীয়ে পূজা সমিতিসমূহ আৰু ৰাইজলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰীয়ে লগতে এতিয়াও ভেকচিনৰ দুয়ােটা পালি গ্ৰহণ নকৰাসকলক ভেকচিন গ্ৰহণৰ বাবে আগবাঢ়ি আহি নিজকে সুৰক্ষিত কৰিবলৈ আহ্বান জনাইছে।