টংলা : বগলী নিধন যজ্ঞৰ ঘটনা তদন্ত কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিৱেশ আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈধ্যক টংলাৰ বগলী নিধন যজ্ঞৰ ঘটনাৰ তদন্ত কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। বাঁহ গছ কাটি টংলা পৌৰসভাই শ শ বগলী নিধন যজ্ঞ চলাইছিল।
কিছুদিন পূৰ্বে টংলা পৌৰসভাৰ একাংশ বিষয়াই বাঁহ গছত আশ্ৰয় লৈ থকা প্ৰায় ৩০০ বগলীক অতি নিৰ্মমভাৱে হত্যা কৰিছিল। টংলা চহৰৰ ১ নং ওৱাৰ্ড’ৰ বাসিন্দা লোকজীৎ সুতাৰ’ৰ এজোপা বাঁহ গছত প্ৰায় তিনি শতাধিক বগুলীয়ে আশ্ৰয় লৈ আছিল। এই বগলী জাকৰ মাজত আছিল বহু পোৱালি।
টংলা পৌৰসভাৰ লোকে বাঁহ গছ কাটি শতাধিক বগলীক হত্যা কৰিছিল। এই ঘটনা সংবাদ মাধ্যমৰ লগতে বিভিন্ন সামাজিক মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে প্ৰকৃতিপ্ৰেমী আৰু পক্ষীপ্ৰেমী ৰাইজৰ লগতে সৰ্বসাধাৰণ ৰাইজে এফালৰ পৰা সমালোচনা কৰিছিল টংলা পৌৰসভাক। ইয়াৰ পিছতে টংলা পৌৰসভাৰ বাঁহ গছ কাটি পেলোৱাৰ যুক্তিয়ে সকলোৰে চকু কপালত তুলিছে।

টংলা পৌৰসভাৰ বিবেচনাহীন কাণ্ডৰ উত্তৰ হৈছে যে ক’ভিড বিয়পোৱাৰ আশংকাৰ বাবেই বাঁহ গছ কাটি বগলী নিধন কৰা হৈছে। বাঁহ গছ কাটি দিয়াৰ ফলত এফালে শতাধিক বগলীৰ মৃত্যু হোৱাৰ লগতে বগলীৰ বহু পোৱালি মাটিত পৰি চিঞৰি থকা দেখিবলৈ পোৱা গৈছে। বগলীৰ পোৱালিৰ এই ভিডিঅ’ এতিয়া বিভিন্ন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
আৰু পঢ়কঃ নগাৱত বহুজনে ৰেচন কাৰ্ড ওভোটাই দিলে জিলা প্ৰশাসনৰ হাতত
বগলীৰ পোৱালিৰ মাটিত পৰি চিঞৰি থকা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সম্পূৰ্ণ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰীয়ে পৰিৱেশ আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈধ্যক টংলাৰ বগলী নিধন যজ্ঞৰ এই জঘন্য ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে।