নিউজ ডেস্কঃ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ আগত মন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি আছিল যে অসমৰ যুৱক-যুৱতীক ১ লাখ চৰকাৰী চাকৰি প্ৰদান কৰিব। ইতিমধ্যে অসম চৰকাৰ নেতৃত্বত প্ৰায় ৫৮ হাজাৰ নিযুক্তি সম্পূৰ্ণ হ’বলৈ গৈ গৈছে, এতিয়া কেৱল মাত্ৰ প্ৰায় ৪২ হাজাৰ নিযুক্তি দিবলৈ বাকী।

ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে মে’ মাহত অসম চৰকাৰেই সম্পূৰ্ণ কৰিব ১ লাখ নিযুক্তিৰ প্ৰক্ৰিয়া। তাৰেই এতিয়া যো-জা চলাইছে অসম চৰকাৰে।

বুধবাৰে মুখ্যমন্ত্ৰী শৰ্মাই অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি আয়োগৰ সৈতে এক পৰ্যালোচনা বৈঠকত বহে। এই কথা নিজেই মুখ্যমন্ত্ৰী গৰাকীয়ে সমাজিক মাধ্যমত জানিবলৈ দিয়ে।

মুখ্যমন্ত্ৰী শৰ্মাই লিখে যে, আমি অতি সোনকালে বিভিন্ন বিভাগৰ ৪২ হাজাৰ নিযুক্তিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিম।

লগতে লিখে, আমি এক লাখ চাকৰি নিযু্ক্তি প্ৰদান বাবে প্ৰতিশ্ৰুতি দিছিলোঁ, ইয়াৰ প্রক্রিয়া সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে নিৰন্তৰ গতিৰে কাম চলি আছে।

লগতে পঢ়ক – ৭০ বছৰৰ পিছত ভাৰতত ৪ টা চিতাবাঘৰ জন্ম

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply