গুৱাহাটী : অসম ভৱনৰ উন্নয়ন সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিত্তমন্ত্ৰী অজন্তা নেওগৰ বৈঠক। নতুন দিল্লী আৰু কলকাতাস্থিত অসম ভৱনৰ প্ৰস্তাৱিত পুনৰ উন্নয়নৰ ওপৰৰ বৈঠকত আলোচনা কৰা হয়।

নতুন দিল্লী আৰু কলকাতাস্থিত অসম ভৱন উন্নয়নৰ লগতে বাংগালুৰু, চণ্ডীগড়, পুডুচেৰী আৰু হায়দৰাবাদত নতুন অসম ভৱনসমূহৰ নির্মাণৰ অগ্রগতি সন্দর্ভতো আলোচনা কৰা হয়। অসম ভৱনসমূহৰ নির্মাণৰ অগ্রগতি সন্দর্ভত সাধাৰণ প্রশাসন বিভাগ, লোকনির্মাণ বিভাগৰ কাৰ্যকলাপৰ পৰ্যালোচনান কৰা হয় বৈঠকত।

লগতে পঢ়ক : নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ বিপদসীমাৰ ওপৰেদি বৈছে পানী

পর্যালোচনা কালত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীৰ দ্বাৰকাত প্ৰস্তাৱিত নতুন অসম গৃহটো মূলত: শিক্ষাৰ্থী আৰু ৰোগীসকলৰ বাবে উৎসৰ্গিত কৰা হ’ব বুলি জনায়। উল্লেখ্য যে বৈঠকত নতুন ৰাজ ভৱন আৰু সকলো বিভাগীয় সঞ্চালকালয়ত সংহত সঞ্চালকালয় কাৰ্যালয় ভৱন নিৰ্মাণৰ বিষয়েও আলোচনা কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply