‘মাডাৰ্ছ অ’ল্ড এজ হােম'

গুৱাহাটী: গুৱাহাটীৰ হাতীগাঁওস্থিত ‘মাডাৰ্ছ অ’ল্ড এজ হােম’ পৰিচালনাৰ ক্ষেত্ৰত শেহতীয়াকৈ সৃষ্টি হােৱা বেমেজালিৰ ঘটনা দৃষ্টিগােচৰ হৈছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ। উল্লেখ্য যে বৃদ্ধাৱাসখনৰ পৰিচালনাৰ দায়িত্বত থকা বিষয়া দুগৰাকীৰ পাৰস্পৰিক মনােমালিন্যৰ বাবে তাত আশ্ৰয় লৈ থকা জ্যেষ্ঠ নাগৰিকসকলে সন্মুখীন হােৱা অসুবিধাৰ বিষয়টো বিগত কিছুদিন ধৰি সংবাদ মাধ্যমত প্রচাৰিত হৈছে। ৰাজ্যৰ জ্যেষ্ঠ নাগৰিকসকলৰ সামাজিক সুৰক্ষাৰ সুনিশ্চিতকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ দায়বদ্ধ।

‘মাডাৰ্ছ অ’ল্ড এজ হােম’ৰ এই স্পর্শকাতৰ বিষয়টোত উদ্বেগ প্রকাশ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বৃদ্ধাৱাসখনত সংঘটিত সমগ্ৰ ঘটনাৰাজিৰ তদন্ত কৰি ৭২ ঘণ্টাৰ ভিতৰত প্রতিবেদন দাখিল কৰিবলৈ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিত পেগুক নির্দেশ দিছে।মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ‘মাডাৰ্ছ অল্ড এজ হােম’ৰ শেহতীয়া পৰিস্থিতি ব্যক্তিগতভাৱে তদাৰক কৰি যাৱতীয় পদক্ষেপ গ্রহণ কৰাৰ বাবে সমাজ কল্যাণ বিভাগৰ মন্ত্রী অজন্তা নেওগকো নির্দেশ প্রদান কৰিছে।

আৰু পঢ়কঃ জামুগুৰিহাটত কোভিড ভেকচিনেশ্বন চেন্টাৰ ,বেংকত নাই সামাজিক ব্যৱধান

উল্লেখ্য যে ৯ বছৰ পূৰ্বে স্থাপন হোৱা ‘মাডাৰ্ছ অ’ল্ড এজ হােম’ৰ পৰিচালনাৰ দায়িত্বত থকা বিষয়া দুগৰাকীৰ পাৰস্পৰিক মনােমালিন্যৰ ফলত শোকত ভাগি পৰিছে ‘মাডাৰ্ছ অ’ল্ড এজ হােম’ত থকা ককা-আইতা সকল। প্ৰতিষ্ঠানখনৰ সম্পাদক মণিকা শৰ্মা আৰু সভাপতি উৎপল হৰ্ষবৰ্ধন সংঘাতৰ ফলত অনিশ্চয়তাত ভুগিছে ‘মাডাৰ্ছ অ’ল্ড এজ হােম’ৰ ককা-আইতাসকল৷ ক্ষুব্ধ ককা-আইতা সকলে বুধবাৰে চকুলো টুকি ‘মাডাৰ্ছ অ’ল্ড এজ হােম’ এৰি উৎপল হৰ্ষবৰ্ধনৰ সৈতে গুচি যায় অজন্তা পথৰ নতুন ঠিকনালৈ।

দুয়োটা পক্ষৰ মাজত হোৱা সংঘাতৰ পিছত ৰাজ্যজুৰি সমালোচনা হোৱাৰ পিছত দুয়োজনে মিলি কাম কৰাৰ বাবে সন্মতি হয় । ইয়াৰ মাজতে আইতাসকলৰ একাংশই মনালিচা ছ’চাইটিৰ আনখন বৃদ্ধাবাস প্ৰমোদ তালুকদাৰৰ স্মাৰক ন্যাসলৈ গুছি যায় ৷ সভাপতি উৎপল হৰ্ষবদ্ধন আৰু সম্পাদক মনিকা শৰ্মাৰ মাজৰ মতবিৰোধ শামকাটিছে বুলি জনাইছে যদিও দুয়োগৰাকীয়ে এজনে আনজনৰ বিৰোদ্ধে কৰা অভিযোগ বোৰ এতিয়াও সত্য বুলিয়েই ক’ব খোজে । এনে সময়ত উপায়ুক্তই চলাবলগীয়া তদন্ত সকলো তথ্য পোহৰলৈ অহাৰ লগতে পৰিয়ালৰ পৰা আঁতৰত থাকিব লগা হোৱা ককা-আইতাসকলৰ জীৱনলৈ আকৌ দুখৰ দিন যাতে নাহে তাক নিশ্চয়তা বিচাৰিছে সকলোৱে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply