গুৱাহাটী : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মদ্যপান কৰি গাড়ী চালনা কৰাৰ ফলত হােৱা দুঘটনা ৰােধ কৰাৰ অৰ্থে ভিডিঅ’ নফাৰেন্সিঙৰ জৰিয়তে জিলাসমূহৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, জিলা পৰিবহন বিষয়া আৰু আৰকাৰী বিভাগৰ অধীক্ষক সকলৰ সৈতে এক বৈঠকত মিলিত হৈ এই ক্ষেত্ৰত যথােচিত পদক্ষেপ গ্রহণ কৰাৰ বাবে নির্দেশ দিয়ে। জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত মুখ্যমন্ত্ৰীয়ে পথত মদ্যপান কৰি গাড়ী চালনা বিশেষকৈ নৱবৰ্ষৰ দৰে উৎসৱৰ বতৰত এনে ঘটনা ৰােধ কৰাৰ দিশত যথােচিত নিষেধাজ্ঞা আৰােপ কৰাৰ বাবে পদক্ষেপ ল’বলৈ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সকলক নির্দেশ দিয়ে।
বৈঠকত মুখ্যমন্ত্ৰীয়ে জিলা উপায়ুক্ত সকলক জিলা অসামৰিক হাস্পতাল আৰু চিকিৎসা মহাবিদ্যালয় হাস্পতাল সমূহ ৩১ ডিচেম্বৰৰ নিশা পৰিদৰ্শন কৰাৰ বাবে নির্দেশ দিয়ে যাতে হাস্পতাল সমূহত পর্যাপ্ত চিকিৎসক উপস্থিত থকাটো নিশ্চিত কৰিব পৰা যায় আৰু পথ দুর্ঘটনাত আঘাতপ্রাপ্ত হােৱা সকলক তৎকালীনভাৱে চিকিৎসা সেৱা আগবঢ়াৰ পৰা যায়। তদুপৰি মুখ্যমন্ত্ৰীয়ে স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালকক যিকোনাে পৰিস্থিতিৰ সৈতে মােকাবিলা কৰিব পৰাকৈ পর্যাপ্ত এম্বুলেন্স সাজু কৰি ৰাখিবলৈও নির্দেশ দিয়ে।
লগতে পঢ়ক : ব্রিয়ানী খাই লাভ কৰক এখন বুলেট
বৈঠকত মুখ্যমন্ত্ৰীয়ে কয় যে জনসাধাৰণে উৎসৱ উপভােগ কৰা উচিত কিন্তু এই উৎসৱ উদযাপন কৰিবলৈ যাওঁতে কোনাে কাৰণতে যাতে সীমাৰ পৰিধি উলংঘা নকৰে সেইটোও নিশ্চিত কৰা উচিত। সকলাে জীবনে মূল্যৱান, সেয়েহে উৎসৱ উপভােগৰ নামত যাতে কোনাে ধৰণৰ প্রাণহানি নহয় তাৰ ওপৰত আমি গুৰুত্ব আৰােপ কৰিব লাগিব। মুখ্যমন্ত্ৰীয়ে গাড়ী চালক সকলক মদ্যপান কৰি গাড়ী নচলাবলৈও আহ্বান জনায়। বৈঠকত মুখ্যমন্ত্ৰীয়ে নৈকাষৰীয়া পিকনিকৰ থলীসমূহত আৰক্ষী তথা এছডিআৰএফ বাহিনীৰ জোৱান নিয়ােজিত কৰাৰ বাবেও নির্দেশ দিয়ে যাতে সলিল সমাধিৰ লেখীয়া শােকাবহ দুর্ঘটনা ৰােধ কৰিব পৰা যায়। মুখ্যমন্ত্ৰীয়ে গাড়ীৰ গতিৰ তীব্র প্রতিযােগিতা এৰাই চলাৰ দিশত উপযুক্ত সজাগতা তথা এই ক্ষেত্ৰত প্ৰচাৰৰ ব্যৱস্থা কৰিবলৈও নির্দেশ দিয়ে।