মাজুলী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই যােৱা ৮ ছেপ্টেম্বৰত নিমাতীঘাটত সংঘটিত হোৱা ফেৰী দুর্ঘটনাত পতিতসকলৰ উদ্ধাৰত সহযােগিতা আগবঢ়োৱা ব্যক্তিসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰাৰ উদ্দেশ্যৰে মাজুলী জিলা উপায়ুক্ত কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্রহণ কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে এই উদ্ধাৰ কার্যত সহযােগিতা আগবঢ়োৱা ৫০ গৰাকী ব্যক্তিলৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ২৫ হাজাৰ টকাকৈ কৃতজ্ঞতা আৰু সাহসিকতাৰ পুৰস্কাৰ প্ৰদান কৰে।

অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে নিজৰ জীৱনকো তুচ্ছ কৰি এইসকল লােকে সাহসিকতাৰ পৰিচয় দি বহু লােকৰ জীৱন মৃত্যুমুখৰ পৰা ৰক্ষা কৰিছিল। নিমাতীঘাটৰ ঘটনাটো ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে লৈছিল। ৰাজ্য চৰকাৰে আভ্যন্তৰীণ জল পৰিবহণ ব্যবস্থাটো সুৰক্ষিত কৰি চলাচল কৰিব পৰাকৈ ইতিমধ্যে পদক্ষেপ গ্রহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে মাজুলী জিলাৰ ৰাস উদ্যাপন সমিতিসমূহকো আর্থিক সাহায্যও প্রদান কৰে। এই উপলক্ষে মাজুলী জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত মুখ্যমন্ত্ৰীয়ে ৫৯ খন ৰাস সমিতিলৈ ৫০ হাজাৰ টকাকৈ সাহায্য বিতৰণ কৰে।

অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয় যে মাজুলীৰ ৰাস উৎসৱ কেৱল ধর্মীয় পৰিসৰতে সীমাবদ্ধ হৈ থকা নাই। এই মহােৎসৱ জাতীয় উৎসৱত পৰিণত হৈছে। ক’ভিড পৰিৱেশৰ বাবে দান বৰঙণি সংগ্ৰহত ৰাস সমিতিসমূহে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এইবাবে ৰাজ্য চৰকাৰে আর্থিক সাহায্য প্রদানৰ জৰিয়তে ৰাস সমিতিবােৰলৈ সহযােগিতা আগবঢ়াইছে। তেওঁ লগতে কয় যে মাজুলীৰ ৰাসক কেৱল ৰাজ্যতে সীমাবদ্ধ কৰি নাৰাখি সমগ্ৰ দেশতে যাতে মাজুলীৰ ৰাসে এক সুকীয়া পৰিচয় গঢ়ি তুলিব পাৰে তাৰ বাবে পর্যটন বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব।

ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ স্থান পৰিদৰ্শন কৰে। তেওঁ লুইত ঘাটত খহনীয়া প্ৰতিৰােধৰ কাম কাজৰাে বুজ লয়। মুখ্যমন্ত্ৰীয়ে নুমলীগড় শােধনাগাৰ লিমিটেডৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত মাজুলী জিলা চিকিৎসালয়ত ৫ খুন বিছনাযুক্ত আই চি ইউ কক্ষ এটাৰ শুভ উদ্বোধন কৰে। মুখ্যমন্ত্ৰীয়ে লগতে হাস্পতালখনৰ বিনামূলীয়া ডায়েলেছিচ কেন্দ্ৰটো পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে সংহত কার্যালয় ভৱনৰ নির্মাণকার্য অগ্রগতিৰে বুজ লয়।

লগতে পঢ়ক : টীয়ক-কাৱৈমাৰী সংযোগী পথত নিৰ্মাণৰ পাছদিনাই এৰালে ব্লেক টপিং

ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে আদর্শ ডিগ্রী মহাবিদ্যালয়ৰ নির্মাণকার্যৰ অগ্ৰগতিৰ বুজ লয়। অহা বছৰৰ পৰা শিক্ষাদান কৰিব পৰাকৈ নির্মাণকার্য সম্পূর্ণ কৰিবলৈ প্রয়ােজনীয় ব্যবস্থা গ্রহণৰ বাবে তেওঁ নির্দেশ দিয়ে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে ফুলনীত আয়ুষ হাস্পতালৰ নির্মাণকার্যৰ অগ্ৰগতিৰে বুজ লয়। অহা বছৰ যাতে এই হাস্পতালখন শুভাৰম্ভ কৰিব পৰা যায় তাৰ বাবে তৎকালীন পদক্ষেপ ল’বলৈ সংশ্লিষ্ট বিভাগক নির্দেশ দিয়ে। আনহাতে, মুখ্যমন্ত্ৰীয়ে পলিটেকনিক ইনষ্টিটিউট নির্মাণকার্যৰ অগ্রগতিৰাে বুজ লয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,511 other subscribers

Leave a comment

Leave a Reply