গুৱাহাটী : ক’ভিডৰ সংহাৰী ৰূপৰ পৰা জনসাধাৰণক ৰক্ষা কৰাৰ মানসেৰে গোটেই ৰাজ্যজুৰি চলা ‘হৰ ঘৰ দস্তক’ অভিযানৰ লগত সংগতি ৰাখি দেওবাৰে অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই পুৱা ৭ বজাৰ পৰা কামৰূপ মহানগৰ জিলাৰ বিভিন্ন প্ৰান্তত ব্যস্ত হৈ থাকে প্ৰতিষেধক অভিযানত। জিলা অতিৰিক্ত উপায়ুক্ত গৌৰী শংকৰ দাস, দিছপুৰ ৰাজহ চক্ৰৰ ভাৰপ্ৰাপ্ত ৰাজহ বিষয়া চিন্ময় নেওগ তথা স্বাস্থ্য বিভাগৰ বিষয়া-বৰ্গৰ সৈতে মুখ্য সচিবগৰাকীয়ে পুৱাতে ১৯৬ নং হাতীগাওঁ মাধ্যমিক বিদ্যালয় আৰু ২০৪ নং বৰসজাই উচ্চ মাধ্যমিক বিদ্যালয় ভোট কেন্দ্ৰস্থিত ক’ভিড প্ৰতিষেধক কেন্দ্ৰ দুটা পৰিদৰ্শন কৰে।

ইয়াৰ পিছত মিলনপুৰৰ মিলনপথ, ঘোঁৰামৰা, ভেটাপাৰা আদি অঞ্চলৰ প্ৰতিষেধক লবলৈ দ্বিধাগ্ৰস্ত আৰু বাকী থকা ব্যক্তিসকলৰ ঘৰত উপস্থিত হয় মুখ্য সচিব জিষ্ণু বৰুৱা। ভোটাৰ তালিকাৰ পৰা ব্যক্তিসকলক বাচি সেই অনুসৰি ঘৰত গৈ উপস্থিত হয় সচিব সহিতে তেওঁৰ দল। সচিবগৰাকীৰ বুজনিত প্ৰতিজন দ্বিধাগ্ৰস্ত ব্যক্তিয়ে প্ৰতিষেধক ল’বলৈ সন্মতি প্ৰকাশ কৰাৰ পিছত প্ৰতিষেধক প্ৰদান কৰা হয়।

লগতে পঢ়ক : অমিক্ৰনৰ সংক্ৰমণ বৃদ্ধি : ৰাজ্য চৰকাৰৰ নতুন এছঅ’পি ঘোষণা

সচিবগৰাকীৰ উপস্থিতিত মুঠ ৪৫ জন লোকক ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হয়। ইয়াৰ ৩০ গৰাকীলোকেই লয় প্ৰথম পালি ক’ভিড প্ৰতিষেধক। মুখ্য সচিবগৰাকীৰ আশ্বাসত ইমান দিনে দ্বিধাগ্ৰস্ত হৈ থকা ব্যক্তিসকলে মনৰ সন্দেহ দূৰ কৰি প্ৰতিষেধক ল’বলৈ আগবঢ়ি আহে আৰু তেওঁলোকক ঘৰতে প্ৰতিষেধক প্ৰদান কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply