বৰপেটা : ৰাজ্য চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই দেওবাৰে বৰপেটা জিলাৰ ক’ভিড ১৯ সংক্ৰমণৰ বাবে উদ্ভৱ হোৱা শেহতীয়া পৰিস্থিতিৰে মোকাবিলাৰ বাবে জিলা প্ৰশাসনে হাতত লোৱা বিভিন্ন কাৰ্যব্যৱস্থাৰ বুজ লোৱাৰ লগতে আগন্তুক দিনত জিলাখনত সম্ভাৱ্য বানপানীৰ ব্যৱস্থাপনাৰ বিষয়েও বুজ লয় ৷ কেবাটাও চৰকাৰী বিভাগৰ আঁচনিৰ কাম-কাজৰ পৰ্যালোচনাৰ বাবে বৰপেটালৈ অহা ৰাজ্য প্ৰশাসনৰ সৰ্বোচ্চ পদাধিকাৰী গৰাকীয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন বিভাগীয় বিষয়াৰ সৈতে এখন গুৰুত্বপূৰ্ণ সভাত মিলিত হয়। সভাত সমাজ কল্যাণ বিভাগৰ সচিব পাৰ্থ মজুমদাৰ, জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচাল, আৰক্ষী অধীক্ষক অমিতাভ সিনহা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ ছিকাৰীয়া, জিলা উন্নয়ন আয়ুক্ত দিগন্ত দাস, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা: তীৰ্থনাথ শৰ্মা, বৰপেটা ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ অধ্যক্ষ ডা ৰমেন তালুকদাৰ, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা প্ৰমুখ্যে সমাজ কল্যাণ, জনস্বাস্থ্য কাৰিকৰী, জলসম্পদ আদি বিভাগৰ জিলা মুৰব্বী বিষয়া সকল, অতিৰিক্ত উপায়ুক্তসকল, চক্ৰ বিষয়া সকল আৰু জিলা প্ৰশাসনৰ অনান্য বিষয়ববীয়া উপস্থিত থাকে ৷ সকলো চৰকাৰী কাৰ্যালয়ৰ অনাদায় বিদ্যুতৰ দেনা অনতি পলমে আদায় দিবলৈ অসম শক্তি উৎপাদন আৰু বিতৰণ প্ৰতিষ্ঠানৰ অধ্যক্ষৰ দায়িত্বত থকা বিষয়া গৰাকীয়ে উপায়ুক্তৰ লগতে সকলো বিভাগীয় বিষয়া সকলক নিৰ্দেশ দিয়ে।

সভাৰ আৰম্ভণিতে মুখ্য সচিব গৰাকীয়ে জিলাখনত প্ৰতিদিনে চলি থকা ৰেট পৰীক্ষাৰ সংখ্যা, ক’ভিড ৰোগীৰ সংস্পৰ্শলৈ অহা লোকৰ চিনাক্তকৰণ আৰু ৰোগী সকলৰ চিকিৎসা ব্যৱস্থাৰ বিষয়ে বুজ লৈ উঠি দৈনন্দিন ৰেট পৰীক্ষা হোৱা লোকৰ অন্তত: ২০% লোকৰ আৰ টি পি চি আৰ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণৰ বাবে স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে৷ তেওঁ লগতে ক’ভিড-১৯ ভাইৰাছৰ সম্ভাৱ্য তৃতীয় লহৰৰ বাবে প্ৰশাসনক সষ্টম হৈ থাকিবলৈ আহ্বান জনোৱাৰ লগতে তৎপৰতাৰে পৰীক্ষা আৰু চিকিৎসা কৰি যোৱাৰ লগতে প্ৰতিষেধক প্ৰদান কাৰ্যসূচীকো অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ আহবান জনায় ৷ ক’ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ অধীনত জিলাখনৰ সকলো আগশাৰীৰ ক’ভিড যোদ্ধা আৰু স্বাস্থ্যকৰ্মী সকলক সামৰি ল’বলৈ স্বাস্থ্য বিভাগক মুখ্য সচিব গৰাকীয়ে নিৰ্দেশ দিয়ে। মুখ্য সচিব গৰাকীয়ে লগতে অঙ্গণবাড়ী শিশু পৰিচৰ্যা কেন্দ্ৰ আদিৰ তত্ত্বাৱধানত থকা লোকসকলক অগ্ৰাধিকাৰ ভিত্তিত ক’ভিড প্ৰতিষেধক প্ৰদান কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে৷ প্ৰতিষেধক নোলোৱা অঙ্গনবাড়ী আৰু আশা কৰ্মী সকলৰ পাৰিতোষিক বন্ধ ৰাখিবলৈ তেওঁ নিৰ্দেশ দিয়ে।

বিশেষ স্বাস্থ্য জনিত সমস্যা অবিহনে চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে ক’ভিড প্ৰতিষেধক গ্ৰহণ নকৰা বিষয়টোক চৰকাৰী গুৰুত্ব সহকাৰে লৈছে বুলি তেওঁ জানিবলৈ দিয়ে। বৰপেটা জিলাত সমাজ কল্যাণ বিভাগৰ পোষণ অভিযান আৰু প্ৰধান মন্ত্ৰীৰ মাথ্ৰু বন্দনা আঁচনি দুখনৰ সঠিক আৰু দ্ৰুত ৰূপায়ণৰ বাবে ৰাজ্য প্ৰশাসনৰ সকলো মহিলা বিষয়াক ক্ষেত্ৰ পৰিদৰ্শনৰ আহ্বান জনাইছে। পৰ্যালোচনাৰ অংশ হিচাপে মুখ্য সচিবগৰাকীয়ে বৰপেটা জিলাত ক’ভিড ৰোগী সকলৰ চিকিৎসাৰ বাবে উপলব্ধ চিকিৎসা সেৱা ব্যৱস্থা, লগতে জিলাখনত উপলব্ধ ক’ভিড হাস্পতাল, ক’ভিড কেয়াৰ চেন্টাৰ আদিৰ সুবিধা সমূহৰ লগতে ক’ভিড ৰোগীৰ চিকিৎসা ব্যৱস্থাপনাৰ বিষয়ে বুজ লয়৷ সভাত আগন্তুক দিনত জিলাখনত সৃষ্টি হ’ব পৰা সম্ভাৱ্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সাজু হৈ থাকিবলৈ মুখ্য সচিবগৰাকীয়ে প্ৰশাসনক নিৰ্দেশ দিয়ে৷ এই ক্ষেত্ৰত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ ফালৰ পৰা জাৰি কৰা শেহতীয়া এছ অ’ পি অনুযায়ী আদৰ্শ আশ্ৰয় শিবিৰ স্থাপন কৰাৰ লগতে এই আশ্ৰয় শিবিৰ সমূহত শিশুৰ বাবে অনুকুল পৰিৱেশ আৰু ক’ভিড স্বাস্থ্যবিধিৰ সঠিক পালন নিশ্চিত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে৷

লগতে পঢ়ক : কঠিয়া সিঁচাত ব্যস্ত দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন

দুৰ্বল হৈ পৰা মথাউৰী সমূহ তাৎক্ষণিকভাৱে মেৰামতিৰ ব্যৱস্থা ল’বলৈ তেওঁ জলসম্পদ বিভাগৰ বিষয়াক নিৰ্দেশ দিয়ে। লগতে বানৰ আগৰ আৰু পাছৰ পৰিস্থিতিৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত সকলো সংশ্লিষ্ট বিভাগক লগত লৈ আগতীয়াকৈ বিশেষ পৰিকল্পনা প্ৰস্তুত কৰিবলৈও উপস্থিত সকলোকে মুখ্য সচিব গৰাকীয়ে নিৰ্দেশ দিয়ে৷ জ্যেষ্ঠ ভাৰতীয় প্ৰশাসনিক বিষয়া গৰাকীয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনৰ জল জীৱন মিছনৰ কাম-কাজৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰে। ভিন ভিন বিষয়কলৈ সুকীয়া সুকীয়াকৈ অনুষ্ঠিত সভাকেইখনৰ অন্তত মুখ্য সচিব গৰাকী বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতালৈ গৈ তাত থকা ক’ভিড কেয়াৰ চেন্টাৰ পৰিদৰ্শন কৰে। তেওঁ চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ চিকিৎসক সকলৰ সৈতে মত বিনিময় কৰি ইয়াৰ অভাৱ-অভিযোগৰো বুজ লয়। বৰ্তমানৰ এই ভয়াবহ মহামাৰী জনিত পৰিস্থিতিত চিকিৎসক সকলে আগবঢ়োৱা সেৱাৰ ভূয়সী প্ৰশংসা কৰি ৰাজ্য চৰকাৰৰ জেষ্ঠতম আমোলা গৰাকীয়ে অধিক নিষ্ঠা আৰু ঐকান্তিকতাৰে সেৱা আগবঢ়াবলৈ চিকিৎসক আৰু চিকিৎসা কৰ্মী সকলক আহ্বান জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply