তেজপুৰ : শনিবাৰে শোণিতপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ৰাজ্য চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই শোণিতপুৰ জিলাত ক’ভিড-১৯ সংক্ৰমণৰ বাবে উদ্ভৱ হোৱা শেহতীয়া পৰিস্থিতিৰে মোকাবিলাৰ বাবে জিলা প্ৰশাসনে হাতত লোৱা বিভিন্ন কাৰ্যব্যৱস্থাৰ বুজ লোৱাৰ লগতে আগন্তুক দিনত জিলাখনত সম্ভাৱ্য বানপানীৰ ব্যৱস্থাপনাৰ বিষয়ে বুজ লয়৷ সভাত জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাস, শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্য, আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় ঘনাৱট, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ জে আহমেড, অতিৰিক্ত উপায়ুক্তসকল, চক্ৰ বিষয়াকে ধৰি বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বী বিষয়া আৰু জিলা প্ৰশাসনৰ অনান্য বিষয়ববীয়া উপস্থিত থাকে৷
সভাৰ আৰম্ভণিতে মুখ্য সচিব গৰাকীয়ে জিলাখনত প্ৰতিদিনে চলি থকা ৰেট পৰীক্ষাৰ সংখ্যা, ক’ভিড ৰোগীৰ সংস্পৰ্শলৈ অহা লোকৰ চিনাক্তকৰণ আৰু ৰোগী সকলৰ চিকিৎসা ব্যৱস্থাৰ বিষয়ে বুজ লৈ উঠি দৈনন্দিন ৰেট পৰীক্ষা হোৱা ১৫% লোকৰ পুনৰ আৰ টি পি চি আৰ পৰীক্ষাৰ দিশত ব্যৱস্থা গ্ৰহণৰ বাবে স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে৷ তেওঁ লগতে ক’ভিড-১৯ ভাইৰাছৰ সম্ভাৱ্য তৃতীয় লহৰৰ বাবে প্ৰশাসনক সষ্টম হৈ থাকিবলৈ আহ্বান জনোৱাৰ লগতে তৎপৰতাৰে পৰীক্ষা আৰু চিকিৎসা কৰি যোৱাৰ লগতে প্ৰতিষেধক প্ৰদান কাৰ্যসূচীকো অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ আহ্বান জনায়৷
ক’ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ অধীনত জিলাখনৰ সকলো আগশাৰীৰ ক’ভিড যোদ্ধা আৰু স্বাস্থ্যকৰ্মী সকলক সামৰি ল’বলৈ স্বাস্থ্য বিভাগক মুখ্য সচিব গৰাকীয়ে নিৰ্দেশ দি বৰ্তমানলৈকে এই ক্ষেত্ৰত শোণিতপুৰ জিলাই জিলাখনৰ ৯০ শতাংশ আগশাৰীৰ ক’ভিড যোদ্ধা যেনে আঙ্গনবাড়ী কৰ্মী আদি আৰু স্বাস্থ্যকৰ্মীক সামৰি লোৱা বুলি জানিব পাৰি জিলা প্ৰশাসনক ভূয়সী প্ৰশংসা কৰে ৷ মুখ্য সচিব গৰাকীয়ে লগতে সকলো শিশু পৰিচৰ্যা কেন্দ্ৰ আদিৰ তত্ত্বাৱধানত থকা লোকসকলকো ক’ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ অধীনত সামৰি লোৱাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে৷ পৰ্যালোচনাৰ অংশ হিচাপে, মুখ্য সচিব গৰাকীয়ে শোণিতপুৰ জিলাত ক’ভিড ৰোগী সকলৰ চিকিৎসাৰ বাবে উপলব্ধ চিকিৎসা সেৱা ব্যৱস্থা, লগতে জিলাখনত উপলব্ধ ক’ভিড হাস্পতাল, ক’ভিড কেয়াৰ চেন্টাৰ আদিৰ সুবিধা সমূহৰ লগতে ক’ভিড ৰোগীৰ চিকিৎসা ব্যৱস্থাপনাৰ বিষয়ে বুজ লয়৷
লগতে পঢ়ক : মাৰ্ঘেৰিটাৰ জাগুনত দলং নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ
সভাত আগন্তুক দিনত জিলাখনত সৃষ্টি হ’ব পৰা সম্ভাৱ্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সাজু হৈ থাকিবলৈ মুখ্য সচিব গৰাকীয়ে প্ৰশাসনক নিৰ্দেশ দিয়ে৷ এই ক্ষেত্ৰত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ ফালৰ পৰা জাৰি কৰা শেহতীয়া এছ অ’ পি অনুযায়ী আদৰ্শ আশ্ৰয় শিবিৰ স্থাপন কৰাৰ লগতে এই আশ্ৰয় শিবিৰ সমূহত শিশুৰ বাবে অনুকুল পৰিৱেশ আৰু ক’ভিড স্বাস্থ্যবিধিৰ সঠিক পালন নিশ্চিত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে৷ লগতে বানৰ আগৰ আৰু পাছৰ পৰিস্থিতিৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত সকলো সংশ্লিষ্ট বিভাগক লগত লৈ আগতীয়াকৈ বিশেষ পৰিকল্পনা প্ৰস্তুত কৰিবলৈও উপস্থিত সকলোকে মুখ্য সচিব গৰাকীয়ে নিৰ্দেশ দিয়ে৷