বিশ্বনাথঃ বিশ্বনাথ কোচ ৰাজবংশী সন্মিলনী আৰু বিশ্বনাথ জিলা কোচ ৰাজবংশী ছাত্র সন্থাৰ উদ্যোগত ২ দিনীয়া কাৰ্য্যসূচীৰে ৫১১ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় জন্মজয়ন্তী অনুষ্ঠানৰ আয়োজন কৰে । দ্বিতীয় দিনাৰ কাৰ্যসূচী মতে শ্বহীদ তৰ্পন,পতাকা উত্তোলনৰ লগতে বাৰে বৰণীয়া সাংস্কৃতিক শুভাযাত্ৰা উলিওৱা হয়।

এই শুভযাত্ৰাত বিভিন্ন জাতি জনগোষ্ঠীৰ সম্প্ৰদায়ৰ লোকে ভিন্ন জাতীয় সাজপাৰ পিন্ধি শুভাযাত্ৰাত অংশগ্ৰহণ কৰে। ইয়াৰ উপৰিও দিনৰ ভাগত হব লগা মুল সভাত বিশিষ্ট সাহিত্যিক ইচমাইল হুছেইনে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ গ্ৰহণ কৰে। বিশ্ব বীৰ চিলাৰায়ৰ মহান আদৰ্শ, ত্যাগৰ প্ৰতি লক্ষ্য ৰাখি কোছ ৰাজংবশী সন্মিলনী তথা কোছ ৰাজবংশী ছাত্র সন্থাই বিভিন্ন কাৰ্য্যসূচীৰে বীৰ চিলাৰায়ৰ জন্মজয়ন্তী পালন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply