নিউজ ডেস্কঃ মুক্তিৰ পূৰ্বেই জনপ্ৰিয়তাৰ শীৰ্ষত ”তুমি মালালা”। এই চলচ্চিত্ৰ খনত কৰা সাৱলীল অভিনয়ৰ বাবে দুই শিশু অভিনেত্ৰী হৰ্ষিতা ভট্টাচাৰ্য আৰু অংশ্ৰুতা কাশ্যপলৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান।
চিহ্ন ইণ্ডিয়া ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান দুই কিশোৰীলৈ ।
‘তুমি মালালাʼত অংশ্ৰুতা কাশ্যপে আমিনাৰ চৰিত্ৰ আৰু হৰ্ষিতা ভট্টাচাৰ্যই নাডিয়া চৰিত্ৰ ৰূপায়ণে চিত্ৰপ্ৰেমীৰ মন জয় কৰিবলৈ সক্ষম হয়।
লগতে পঢ়কঃবেলতলাৰ জয়ানগৰত নতুনকৈ নিৰ্মাণ কৰা পুথিভঁৰালৰ শুভ উদ্বোধন
“তুমি মালালাত” অভিনয় কৰি দুই কিশোৰীয়ে দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় শিশু মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।
এই ছবিখনৰ প্ৰযোজক ড: সঞ্জীৱ নাৰায়ণ আৰু পৰিচালক ৰূপক গগৈ। এই চলচ্চিত্ৰখনে মুক্তিৰ পূৰ্বেই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। ৭খন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত ‘ তুমি মালালা ’ই ৫খন মহোৎসৱত বিজয়ী হৈছে।