বকো : বকোৰ লামপাৰাৰ কেকোপাৰাত এক জঘন্য ঘটনা সংঘটিত হৈছে। পানী নথকা কুঁৱা এটাত কন্যা শিশুৰ মৃতদেহ উদ্ধাৰ হৈছে কেকোপাৰাত। শিশুটি হত্যা কৰি বস্তাত ভৰাই পেলাই দিয়া হৈছে পানী নথকা কুঁৱাৰ ভিতৰৰ।
কুঁৱাৰ ভিতৰত জৱাৰেৰে ঢাকি জ্বলাই দিয়া হৈছিল শিশুটিক। সোমবাৰে কুঁৱাৰ ভিতৰৰ পৰা প্ৰায় ৯০ শতাংশ জ্বলি যোৱা শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ।
যোৱা ২০ চেপ্তেম্বৰৰ পৰা কন্যা শিশুটি সন্ধানহীন হৈ আছিল। সোমবাৰে ঘৰৰ পৰা প্ৰায় তিনিশ মিটাৰ দূৰত্বত অৱশেষত কুঁৱাৰ ভিতৰৰ উদ্ধাৰ হয় শিশুটিৰ মৃতদেহ। ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ তদন্ত চলাই এজন যুৱকক গ্ৰেপ্তাৰ কৰে।
লগতে পঢ়ক : দীপ সৰকাৰৰ সন্ধানত ব্ৰহ্মপুত্ৰৰ বুকুত অব্যাহত আছে অভিযান
দীপাংকৰ দাস নামৰ এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা চলাওঁতে যুৱকজনে শিশুটিত হত্যা কৰাৰ কথা স্বীকাৰ কৰে। শিশুটিয়ে দীপাংকৰ দাসক চোৰ বুলি জোকোৱাৰ বাবেই শিশুটিত হত্যা কৰে বুলি দীপাংকৰ দাসে স্বীকাৰ কৰে বুলি জানিব পৰা গৈছে।