টীয়ক, স্মৃতি প্ৰিয়া লাহনঃ যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত শিশু শ্ৰমিক আৰু বাল্য বিবাহ প্ৰতিৰোধৰ সম্পৰ্কে সোমবাৰে টীয়কৰ ৯ নং বলমা গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ সভাগৃহত এখনি সজাগতা সভা অনুস্থিত কৰা হয়। 

সমাজ কল্যাণ বিভাগ যোৰহাট জিলাৰ অতিৰিক্ত উপায়ুক্ত কবিতা কাকতিৰ সভাপতিত্বত অনুস্থিত উক্ত সজাগতা সভাত জিলা সমাজ কল্যাণ বিষয়া ৰাজ কুমাৰ কেডিয়া, জিলা সহকাৰী শ্ৰম আয়ুক্ত জগত জীৱন দত্ত,পূব যোৰহাট খণ্ড প্ৰাথমিক শিক্ষা বিষয়া পমলী টেৰংপী,জিলা শিশু কৈল্যাণ সমিতিৰ সদস্যা ডা: কৃষ্ণা বৰুৱা পাটগিৰি,সৰ্ব শিক্ষা অভিযানৰ বিষয়া মেঘালী কাকতি, কাকজান পি এইচ চিৰ ভাৰপ্ৰাপ্ত চিকিৎসক ডা: দীপা ঠাকুৰীয়া,কলিয়াপানী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া অজয় গগৈ,মধ্য যোৰহাট শিক্ষা খণ্ডৰ খণ্ড শিক্ষা বিষয়া উৎপল বৰুৱা,বলমা পঞ্চায়তৰ সভাপতি প্ৰদীপ বৰুৱা, কলিয়াপানী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী পূণ্য কোচকে প্ৰমুখ্য কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি শিশু শ্ৰমিক আৰু বাল্য বিবাহৰ সম্পৰ্কে ৰাইজক সজাগ কৰাৰ অৰ্থে ইয়াৰ বিৰুদ্ধে থকা বিভিন্ন আইনী ব্যৱস্থা,সামাজিক ব্যৱস্থা তথা ৰাইজৰ কৰণীয়ৰ ওপৰত মন্তব্য আগবঢ়ায়।

লগতে উক্ত অঞ্চলসমূহত এনে পৰিস্থিতিৰ সৃষ্টি হ’লে তাৎক্ষণিকভাৱে জিলা প্ৰশাসনৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনায়। তদুপৰি এনেবোৰ সজাগতা সভাই অনাগত দিনবোৰত বাল্য বিবাহ তথা শিশু শ্ৰমিকৰ দৰে সামাজিক ব্যাধীসমূহ দূৰীকৰণ কৰিব বুলি আশা প্ৰকাশ কৰে উদ্যোক্তাসকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply