ৰূপহীহাট : শিশু শ্ৰমিক বিৰোধী আইনক ধোঁৱাচাঙত তুলিছে চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত ৰূপহীহাটৰ আৰু ৰূপহী ৰাজহ চক্ৰৰ গৰিষ্ঠসংখ্যক ইটা ভাটাৰ মালিক পক্ষই। ৰাজ্য চৰকাৰৰ শিশু শ্ৰমিক বিৰোধী আইন বলৱৎ থকাৰ পাছতো ইটা ভাটা সমূহত শিশু শ্ৰমিক নিয়োজিত হৈ থকাৰ দৃশ্যই সকলোৰে চকু কপালত তুলিছে।
জিলা প্ৰশাসন তথা ৰাজহ চক্ৰ বিষয়াৰ আওঁকনীয়া মনোভাৱৰ বাবেই ইটা ভাটাৰ মালিক পক্ষই কম মজুৰিতে শিশু শ্ৰমিক নিয়োজিত কৰি চলাই গৈছে ৰমৰমীয়া ব্যৱসায়। শিশু সকলৰ ভৱিষ্যতক লৈ হেতালি খেলি স্কুললৈ পঠিওৱাৰ বিপৰীতে ইটা ভাটাৰ মালিকে শ্ৰমিক হিচাপে নিয়োজিত কৰাৰ দৃশ্য বন্দী হৈছে সাংবাদিকৰ কেমেৰাত।
লগতে পঢ়ক : খুমটাইত বৰদিনৰ ব্যাপক প্ৰস্তুতি
চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত ঔঅনা, কুমাৰগাঁও আৰু ৰূপহী ৰাজহ চক্ৰৰ, ফাকলি আদিকে ধৰি বিভিন্ন ঠাইত থকা ইটা ভাটা সমূহত বিনাদ্বিধাই ফুলকুমলীয়া বহু শিশু শ্ৰমিক পুঁজিপতিৰ হাতোৰাত বন্দী হোৱাটো চিন্তনীয় বিষয় হৈ পৰিছে। প্ৰশাসন তথা চাইল্ড লাইনে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যনীয়।
(বাহাৰুল ইছলাম)