গুৱাহাটী: জিলা শ্ৰম বিভাগৰ এটা দলে অভিযান চলাই আজি মহানগৰীত ৬টাকৈ শিশু শ্ৰমিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। শ্ৰম পৰিদৰ্শক চয়নিকা গোস্বামীৰ নেতৃত্বত
অভিযান চলাই ৬জন শিশু শ্ৰমিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

শিশু শ্ৰমিক কেইজনক চাহ মহানগৰীৰ পাণ্ডু আৰু মালিগাঁও অঞ্চলৰ দোকানত আৰু মটৰ গেৰেজত কাম কৰি থকা অৱস্থাত উদ্ধাৰ কৰে।
শিশু শ্ৰমিক ব্যবহাৰ কৰা দোকানৰ মালিক সকলক জৰিমনা কৰা বুলি অভিযান কাৰী দলে জানিবলৈ দিয়ে।
জালুকবাৰী আৰক্ষীৰ সহযোগত এই অভিযান চলাই আৰু জালুকবাৰী আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰে।

অভিযানকাৰী দলৰ নেতৃত্ব দি অহা শ্ৰম পৰিদৰ্শক চয়নিকা গোস্বামীয়ে ১৮ বছৰৰ তলৰ শিশু সকলক কাম কৰা দেখে তেন্তে অভিযোগ দিব কাৰণে 1098 নং যোগাযোগ কৰিবলৈ আহ্বান জনাই।

লগতে পঢ়ক – হিজাব পৰিধানৰ সমৰ্থনত গুৱাহাটীৰ এখন বিদ্যালয়

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply