নিউজ ডেস্কঃ বৰপেটা জিলাৰ কুৰবাহা গাঁৱত বৃহস্পতিবাৰে বাল্য বিবাহ সপন্ন কৰিবলৈ লোৱা অভিযোগত আৰক্ষীয়ে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰাই দৰা, দৰাৰ দেউতাক, খুৰাক আৰু ইমাম ক গ্ৰেপ্তাৰ কৰি থানা লৈ আহে । শুক্ৰবাৰে আটাইকেইজনক জেললৈ প্ৰেৰণ কৰা হয়।
জানিব পৰা অনুসৰি, বৰপেটাৰ ওচৰৰ গুবৰ্ধন অঞ্চলৰ বাসিন্দা ২৯ বছৰীয়া চানুৱাৰ হুছেইনে এগৰাকী ১৬ বছৰীয়া নাবালিকাক বিয়া কৰাবলৈ পৰিকল্পনা কৰিছিল।
চৰভোগ থানা আৰক্ষী বিষয়া এজনে কয় যে, আৰক্ষীয়ে এক খবৰ লাভ কৰি এটি দলৰ সৈতে ঘটনাস্থলীত উপস্থিত হৈছিল আৰু তাতেই দৰা, দৰাৰ দেউকাক, খুৰাক আৰু ইমামক বাল্য বিবাহৰ ব্যৱস্থা কৰাৰ অপৰাধাত আটক কৰে লগতে নাবালিকা ছোৱালী গৰাকীক উদ্ধাৰ কৰি সখী-ৱান ষ্টপ চেণ্টাৰলৈ প্ৰেৰণ কৰা হয় বুলি জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে, ২৩ জানুৱাৰীত কেবিনেট বৈঠকৰ পিছতেই সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক নিৰ্দেশ দিছিল যে, অসংবিধানিক ভাৱে যদি কোনো ব্যক্তিয়ে ১৪ আৰু ১৮ বছৰ বয়সৰ তলৰ ছোৱালীক বিয়া কৰাই তেতিয়া হ’লে গ্ৰেপ্তাৰ কৰিব । ৰাজ্যত বাল্য বিবাহৰ বাবে কম বয়সতে প্ৰসূতি আৰু সন্তান মৃত্যু হোৱাৰ ৰোধৰ বাবে এনে সিদ্ধান্ত গ্ৰহণ কৰে বুলি মুখ্যমন্ত্ৰী শৰ্মাই কৈছিল।