আজি বিধান সভা বাজেট অধিবেশনত বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ মন্তব্য প্ৰদান কৰি কয় যে ২০২৬ চনৰ ভিতৰত বাল্য বিবাহ শেষ কৰা হব।
কমলাক্ষ দে পুৰকায়স্থই সদনত প্ৰশ্ন উত্থাপন কৰে যে,”২০০৬ চনৰ বাল্য বিবাহ প্ৰতিৰোধী আইনমতে কিয় ইমান দিনে কাম কৰা নাছিল, POCSO আইন কিয় লগাইছে।”
বিধায়কজনৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, “CDPOসকল নিযুক্তি দিয়া হৈ আছে৷ POCSO আইনত লিখা আছে যে ১৬ৰ বছৰৰ তলৰ ছোৱালীক হাত দিব নোৱাৰে৷ তেনে কৰিলে স্বামীও নাবাছে লগতে ১৪ বছৰ জেল হ’ব।
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, POCSO গোচৰ সন্দৰ্ভত উচ্চ ন্যায়লয়ে আমাক কোনো সমালোচনা কৰা নাই৷ বাল্য বিবাহ সন্দৰ্ভত ৯০ শতাংশই শাস্তি পাব বুলি আমি ভাবো ৷ আনহাতে সদনত তেওঁ এইটো কয় যে, ২০২৬ৰ ভিতৰত বাল্যবিবাহ আমি বন্ধ কৰিম৷ ২০০ কোটি টকা বাজেটত ধাৰ্য কৰিম৷ প্ৰতিটো বাল্যবিবাহ গোচৰত আমি অধিবক্তা দিম৷ প্ৰতি তিনি মাহৰ মূৰে মূৰে অভিযান চলাম৷ স্কুলৰ একে বেঞ্চত বহা ছোৱালী এজনী হঠাতে নহা হ’লে যদি গম পাই যে তাইক বিয়া দিয়া হৈছে গোপনে, লগৰ ছোৱালীয়ে আমাক ফোন কৰি জনাব পাৰিব৷ চেঙা, বাঘবৰত ২৩ বছৰীয়া ছোৱালীয়ে কোলাত দুটা বাচ্চা, আগফালে দুটা বাচ্চা লৈ মিটিঙলৈ আহে৷ সন্দিকৈ কলেজত ছোৱালীয়ে ২৩ বছৰত প’ষ্ট গেজুৱেট কৰে৷