গুৱাহাটীৰ গাড়ীগাওঁ কাণ্ডৰ অপৰাধীক আৰক্ষীয়ে এনকাউণ্টাৰ কৰি হত্যা কৰাৰ
পাচত এইবাৰ ওদালগুৰিত আৰক্ষীৰ এনকাউণ্টাৰত নিহত শিশু ধৰ্ষণৰ অভিযুক্ত ৷ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই গুলী চলাই আৰক্ষীয়ে ৷ সাত বছৰীয়া শিশুক ধৰ্ষণৰ গোচৰত অভিযুক্ত আছিল ৰাজেশ মুণ্ডা নামৰ লোকজন ৷

মঙলবাৰে নিশা প্ৰায় ১ মান বজাত লালপানী আৰু মাজবাট আৰক্ষীৰ এনকাউন্টাৰত নিহত হয় ধৰ্ষণত অভিযুক্ত ৰাজেশ মুণ্ডা।

যোৱা ১০ মাৰ্চত লালপানীত ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা শিশুৰ১১ মাৰ্চত ধনশ্ৰী বাগিছাৰ মাজৰ এখন শ্মশানত উদ্ধাৰ হৈছিল মৃতদেহ ৷ ঘটনাৰ পিছতে আত্মগোপন অৱস্থাত আছিল ৰাজেশ মুণ্ডাই ৷

কালি চাংসাৰিৰ এটা লোহা ফেক্টৰীৰ পৰা লালপানী আৰক্ষীয়ে ধৰি আনিছিল ৰাজেশ মুণ্ডাক ৷ নিশা ঘটনা স্থলীলৈ নি থাকোতে আৰক্ষীৰ গাড়ীৰ পৰাই জঁপিয়াই পলায়নৰ চেষ্টা চলাওতে আৰক্ষীৰ এন্টাকাউন্টাৰত নিহত হয় ৰাজেশৰ ৷

উল্লেখ্য যে, যোৱা নিশা গুৱাহাটীত আৰক্ষীৰ জালৰ পৰা পলায়নৰ চেষ্টা চলোৱাৰ সময়তে গাড়ীগাঁও দলবদ্ধ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত বিকি আলীৰ এনকাউন্টাৰত নিহত হয়

লগতে পঢ়ক- আৰক্ষীৰ গুলীত নিহত গাড়ীগাঁৱৰ ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত বিকি আলী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply