খুমটাই: শিশু দিৱস উপলক্ষে খুমটাইৰ এখন বিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ । শিশু সকলৰ শাৰীৰিক-মানসিক উৎকৰ্ষ সাধনৰ উদ্যেশ্যে শিশু দিৱসৰ দিনটোত লৈছে বিশেষ পদক্ষেপ ।
খুমটাইৰ ২ নং ভোলাগুৰি প্ৰাথমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সৈতে সংগতি ৰাখি উদযাপন কৰিছে শিশু দিৱস । শিশুৰ স্বাস্থ্য আৰু মানসিক বিকাশ অনুষ্ঠান হিচাপে স্বাস্থ্য পৰীক্ষা আৰু চিত্ৰাংকণ প্ৰতিযোগিতাৰ আয়োজন কৰিছে ।
চিকিৎসকৰ এটা দলে শতাধিক শিশুৰ স্বাস্থ্য পৰীক্ষা কৰাৰ বিপৰীতে চিত্ৰাংকণ প্ৰতিযোগিতা আৰু বিশেষ অনুষ্ঠানৰ জৰিয়তে মানসিক উত্তৰণ-বিকাশৰ বাবে লৈছে বিশেষ উদ্যোগ ।
লগতে পঢ়ক-লামডিং বনাঞ্চলৰ উচ্চেদিত লোকে বনকৰ্মীৰ বিৰুদ্ধে তুলিলে শ্লীলতাহানীৰ অভিযোগ