ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে সোণাৰিতো আজি শিশু দিৱস উদযাপন কৰা হয়। ছাউণ্ড ছিষ্টেম প্ৰ’ভাইডাৰ্ছ এছ’চিয়েছনৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শিশু দিৱস।
সোণাৰিৰ ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কাৰ্যসূচীৰ লগত সংগতি ৰাখি শিশুসকলৰ মাজত অনুষ্ঠিত হৈছে গীত, নৃত্য আৰু চিত্ৰাংকন প্ৰতিযোগিতা।
আনহাতে সোণাৰিৰ চৰাইদেউ কলাকেন্দ্ৰতো অনুষ্ঠিত হয় শিশু দিৱসৰ বিশেষ কাৰ্যসূচী।
লগতে পঢ়ক-চেভ ভৰলুৰ উদ্যোগত মহানগৰীত শিশু দিৱস উপলক্ষ্যে চিত্ৰাংকন প্ৰতিযোগিতা