মৰাণ: শিশুৰ মানসিক আৰু শাৰিৰীক বিকাশৰ বাবে মৰাণ নিৰ্মাণ কৰা হৈছে এখন আধুনিক শিশু উদ্যান। অঞ্চলটোৰ শিশুসকলৰ বাবে দীৰ্ঘদিনৰ পৰা হৈ থকা অভাব উদ্যান খন মুকলিৰে সমাধান কৰিব বুলি আশা কৰা হৈছে।

ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত মৰাণ লায়ন্স ক্লাৱৰ সমীপত অসম চৰকাৰৰ অনিৰ্দ্ধাৰিত পুঁজিৰে নিৰ্মিত শিশু উদ্যানৰ শুভ উদ্বোধন কৰে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে।

উল্লেখ্য যে, প্ৰায় ৩০ লাখ টকাৰে আটকধুনিয়াকৈ নিৰ্মাণ কৰা শিশু উদ্যানখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰি বিধায়কগৰাকীয়ে এই উদান খনে শিশুসকলৰ বাবে যথেষ্ট সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰে।

লগতে পঢ়ক- কলিয়াবৰত ট্ৰাক সহ ৩০টা গো-ধন জব্দ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply