বৈঠালাংছ’, জাচন ইংহিঃ সমাগত কাৰ্বি পৰিষদৰ নিৰ্বাচন। তাৰ মাজতে আজি বিজেপিৰ দলীয় আদৰ্শ-নীতি উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে অগষ্টিন ক্ৰামছা নামৰ এগৰাকী বিজেপি সদস্যৰ বিৰুদ্ধে।
দৰাচলতে, ২০২১চনৰ ১৩ ডিচেম্বৰত ডিফু চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত এক সভাত এক প্ৰস্তাৱ গৃহীত হৈছিল। সেই সিদ্ধান্ত অনুসৰি, কোনো দলীয় নেতা-কৰ্মীয়ে টিকট বিচাৰি চিইএম অথবা উচ্চ কৰ্তৃপক্ষলৈ কোনো ধৰণৰ দাবী কৰিব নোৱাৰিব। কিন্তু অগষ্টিন ক্ৰামছাই এক সজাতি দল উচ্চ কৰ্তৃপক্ষলৈ বাহিৰ কৰি এই সিদ্ধান্ত উলংঘা কৰিছে।
এইদৰে সাংবাদিকৰ আগত কয় চিন্থং বিজেপি মণ্ডল সমিতিৰ মুখপাত্ৰ চেমছন ৰংফাৰে। সেয়েহে তেওঁ অগষ্টিন ক্ৰামছাক দলৰ প্ৰাৰ্থমিক সদস্য পদৰ পৰা কৰ্তন কৰাৰ দাবী উত্থাপন কৰে। আৰু কেতিয়াও এনেদৰে দলৰ সিদ্ধান্ত উলংঘা কৰিলে সহ্য কৰা নহ’ব বুলিও কয় চেমছন ৰংফাৰে।