চিৰাংঃ চিৰাঙৰ আই নৈৰ হাগ্ৰামা দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা ।
শিল-বালি কঢ়িয়াই নিয়া ডাম্পাৰে মহতিয়াই নিলে এগৰাকী স্কুটি আৰোহীক।
দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ খনৰ নম্বৰ এএছ১৯এচি ৩৭০০।
ঘটনাস্থলীতে নিহত হৈছে স্কুটি আৰোহী গৰাকী ।
নিহত মহিলা গৰাকী দীপিকা নাৰ্জাৰী (৩৫) বুলি চিনাক্ত কৰা হৈছে ।
উক্ত দুৰ্ঘটনাক কেন্দ্ৰ কৰি হাগ্ৰামা দলঙত তীব্ৰ উত্তেজনা ।
ক্ষুদ্ধ ৰাইজে আক্ৰমণ কৰিলে হাগ্ৰামা দলঙত থকা পুলিচ চেক পোষ্ট।